মঙলদৈ, 19 অক্টোবৰ: মঙলদৈ চহৰৰ নিকটৱৰ্তী 1 নং বামুণপাৰা গাঁৱত 1993 চনতে স্থাপিত দূৰ্গা মন্দিৰৰ এক ব্যতিক্ৰমী প্ৰয়াস ৷ নৱৰাত্ৰিৰ তৃতীয় দিনটোত মন্দিৰটোত স্থাপন কৰা হ'ল দূৰ্গাৰ স্থায়ী প্ৰতিমা ৷ মঙলদৈৰ বামুণপাৰাত এই প্ৰতিমা স্থাপন কৰা হয় ৷ জানিব পৰা মতে মুঠ 40 লাখ টকা ব্যয়েৰে দূৰ্গাৰ এই প্ৰতিমা স্থাপন কৰা হৈছে ৷
মঙলদৈত 40 লাখ টকীয়া দূৰ্গাৰ স্থায়ী প্ৰতিমা স্থাপন - ক'ভিড প্ৰটকল
চল্লিশ টকা ব্যয়েৰে মঙলদৈত স্থাপন দেৱী দূৰ্গাৰ স্থায়ী প্ৰতিমা ৷ মঙলদৈ বামুণপাৰাত মাৰ্বল পাথৰৰ পাথৰেৰে নিৰ্মিত মূৰ্তি স্থাপন ৷ জল প্ৰদূষণ নিয়ন্ত্ৰনৰ উদ্দেশ্যে ৰাজস্থানৰ পৰা অনা এই মূৰ্তি স্থাপন ৷
জল প্ৰদূষণ নিয়ন্ত্ৰণৰ বিশেষ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ হাতত লোৱা হৈছে ৷ নৱৰাত্ৰিৰ তৃতীয়টো দিনত স্থাপন কৰা দুৰ্গাৰ এই মূৰ্তি মাৰ্বল পাথৰেৰে নিৰ্মিত হৈছে ৷ ৰাজস্থানৰ জয়পুৰৰ পৰা মঙলদৈ লৈ এই মূৰ্তি অনা হৈছে ৷ পূজাখনৰ সভাপতি প্ৰণৱ কুমাৰ শৰ্মাই কয় যে প্ৰদূষণজনিত কাৰণৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিয়ে মূৰ্তি বিসৰ্জনৰ পৰা বিৰত থাকিব ৷ সম্পূৰ্ণ ক'ভিড প্ৰটকলৰ মাজেৰে এই পূজা অনুষ্ঠিত হৈছে যদিও দূৰ্গাৰ স্থায়ী প্ৰতিমা স্থাপনৰ মুহূৰ্তত ভক্তৰ যথেষ্ঠ ভিৰ পৰিলক্ষিত হয় ৷
লগতে পঢ়ক:দৰঙত ভতিজাকৰ দাৰ ঘাপত মৃত্যু হল খুড়াকৰ