ছিপাঝাৰ , 18 চেপ্তেম্বৰঃ ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীত বুধবাৰে সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ৷ ৰফুল আলী নামৰ এজন অভিযুক্তক বিচাৰি নাপাই তিনিগৰাকী ভগ্নীক বুঢ়া আৰক্ষী চকীলৈ আনি মহেন্দ্ৰ শৰ্মা নামৰ আৰক্ষী বিষয়াজনে গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ অভিযোগত দৰং জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে যি জোকাৰণিৰ সৃষ্টি হৈছিল , তাৰ পাছতেই দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই তাৎক্ষণিক ভাৱে আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে এক উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দিয়ে ৷ কিন্তু তাৰ পিছতো যুৱতী তিনিগৰাকীৰ সমৰ্থনত আজি বুঢ়া আৰক্ষী চকীত প্ৰায় তিনি শতাধিক পুৰুষ মহিলাই আহি ঘেৰাও কৰে ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকী ৷ আৰক্ষী চকীৰ ভিতৰত সোমাই একাংশ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে নিলম্বিত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ দাবী জনায় ৷
বুঢ়া আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
তিনি ভগ্নীক আৰক্ষী চকীত অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক কেৱল নিলম্বিত কৰাক লৈ সন্তুষ্ট নহয় সাধাৰণ জনতা ৷ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক বিচাৰি তিনি শতাধিক ক্ষোভিত ৰাইজে ঘেৰাও কৰিলে আৰক্ষী চকী ৷
বুঢ়া আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি
আনহাতে বুধবাৰে দৰং জিলা বজৰং দলে মঙলদৈত বুঢ়া থানাৰ বিষয়া মহেন্দ্ৰ শৰ্মা আৰু বিনীতা বড়োক দোষমুক্ত কৰাৰ লগতে লাভ জেহাদ বন্ধ কৰাৰ দাবীত মংগলদৈৰ ৰাজপথত প্ৰতিবাদী সমদল উলিয়াই আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
Last Updated : Sep 18, 2019, 7:27 PM IST