মঙলদৈ, 18 ছেপ্টেম্বৰ : ৰাজ্যত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে অনৈতিক কাৰ্যকলাপ ৷ দৈনিক হত্যা-হিংসা, ধৰ্ষণ, ডকাইতি, চুৰিকাৰ্যই জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ কিছুমান ঠাইত সঘনাই হ’বলৈ লৈছে চুৰিকাণ্ড ৷ এনে অমানুসিক কাৰ্যৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে নিজৰ ঘৰ, দোকান আদিত চি চি টিভিও লগাইছে ৷ কিন্তু আজিকালি চি চি টিভি লৈয়ো ভয় নাই চোৰ, ডকাইতৰ !
মঙলদৈ চহৰত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ড । দেওবাৰে মেনাপাৰাত শিক্ষক দম্পতী অতুল চন্দ্ৰ ডেকা আৰু ধৰিত্ৰী ডেকাৰ ঘৰত চোৰে চুৰিকাণ্ড সংঘটিত কৰে । উক্ত শিক্ষক দম্পতীৰ ঘৰত দুবাৰকৈ সংঘটিত হয় চুৰিকাণ্ড ৷ চিচি টিভি কেমেৰাত ৰেকৰ্ড হোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত পুনৰ দেওবাৰে একে গাঁৱৰে ৰাজহুৱা মন্দিৰত চুৰিকাৰ্য সংঘটিত হয় ।
ৰাইজে মন্দিৰৰ ভিতৰত চুৰি কৰি থকা অৱস্থাতে চোৰটো ধৰিবলৈ সক্ষম হয় ৷ চোৰটো ধৰাৰ পিচতে উক্ত চোৰটোৱে অঞ্চলটোত সঘনে কৰা চুৰিকাৰ্যৰ কথা পোহৰলৈ আহে । ৰাইজে আনকি চিচি টিভি কেমেৰাৰ ফুটেজো মিলাই চায় । ধূলা থানাৰ অন্তৰ্গত খাটনিয়াপাৰা গাঁৱৰ সোনা মিঞা নামৰ চোৰটোৱে শিক্ষক দম্পতীৰ ঘৰত কৰা চুৰিকাৰ্যৰ কথা স্বীকাৰ কৰাত ৰাইজে হাতে লোটে ধৰি মঙলদৈ থানাত খবৰ দিয়ে । পিচত মঙলদৈ থানাৰ নগৰ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে চোৰটোক কৰায়ত্ত কৰি থানালৈ লৈ যায় ।
উল্লেখ্য যে, প্ৰায় প্ৰতিদিনেই মঙলদৈ চহৰৰ দাঁতি কাষৰীয়া অঞ্চলত সঘনে চুৰিকাৰ্য সংঘটিত হৈ আছে । বিগত ১১ ছেপ্টেম্বৰতো মঙলদৈ চহৰৰ মাজমজিয়াত থকা ৰাম মন্দিৰৰ পৰা চোৰে সকলো লুটি নিয়ে । মন্দিৰ সমিতিয়ে মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিক লিখিতভাৱে অৱগত কৰাৰ পিচতো আজিলৈকে তেওঁলোকে লোৱা নাই কোনো ব্যৱস্থা । মঙলদৈত এতিয়া চুৰিকাৰ্য ৰোধ কৰাত মঙলদৈ আৰক্ষী ব্যৰ্থ হৈছে । ৰাইজে এই ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ হস্তক্ষেপ দাবী কৰিছে ।
লগতে পঢ়ক :Kaliabor theft incident: বাৰে বাৰে চুৰি হয় এখন দোকানত;কিন্তু আৰক্ষীয়ে আজিলৈকে নাপালে চোৰৰ সন্ধান!