দলগাঁও,২১ জুন:বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি উটুৱাই নিছিল খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ মাজত যোগাযোগৰ এক মাত্ৰ সাৰথি ফুটব্ৰীজখন(Flood broke footbridge) । তাৰ পাছতে খাৰুপেটীয়া সংলগ্ন খেতাশ্বৰ গাঁৱৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছিল । ৰাইজে গাওঁ পঞ্চায়তৰ সভাপতিক এই বিষয়ে অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত মঙলবাৰে ৰাইজে নিজৰ দান বৰঙণিৰে নিৰ্মাণ কৰি উলিয়ালে এখন বাঁহৰ সাঁকো ।
জনপ্ৰতিনিধিৰ আশা বাদ দি সাকোঁ নিৰ্মাণৰ বাবে ওলাই আহিল দলগাঁও সমষ্টিৰ খাৰুপেটীয়াৰ বিহুদিয়া গাঁও পঞ্চায়তৰ ৰাইজ । খাৰুপেটীয়া সংলগ্ন খেতাশ্বৰ গাঁৱৰ ৮ আৰু ৯ নং ৱাৰ্ডৰ ৰাইজে দান বৰঙণি,বাঁহ আদি সংগ্ৰহ কৰি হাতে কামে লাগি বানে খহাই নিয়া গাঁওখনৰ ফুট ব্ৰীজৰ ঠাইত নিৰ্মাণ কৰিলে এখন বাঁহৰ সাকোঁ । সাঁকো নিৰ্মাণৰ মাজতে ভুক্তভোগী ৰাইজে গাওঁ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে উজাৰিলে তীব্ৰ ক্ষোভ(Kharupatiya people anger against panchayat president) ।