দলগাঁও,6 নৱেম্বৰঃ ২০২০-২১ বৰ্ষৰ বাবে মুকলি হ'ল ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত ফিতা কাটি পৰ্যটকৰ বাবে উদ্যানখনৰ মূল প্ৰৱেশদ্বাৰ মুকলি কৰে ৷ ৬ নৱেম্বৰৰ পৰা মুকলি কৰা উদ্যানখন দেশ বিদেশৰ পৰ্যটকৰ লগতে সকলো দৰ্শনাৰ্থীয়ে উপভোগ কৰিব পাৰিব উদ্যান খনৰ মনোমোহা প্ৰকৃতিক দৃশ্য। ৰাষ্ট্ৰীয় উদ্যানখনত উদ্বোধনী অনুষ্ঠানৰ সভাত মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় -এইখন আপোনালোকৰ উদ্যান, ইয়াৰ ওচৰ পাজৰে থকা ব্যক্তি সকলে ইয়াক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে ইয়াৰ সৌন্দৰ্য্য বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব । বন সুৰক্ষা কৰ্মীৰ লগতে ইয়াৰ সুৰক্ষাৰ দায়িত্ব ইয়াৰ ৰাইজে লব লাগিব।
পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান - ক’ভিড প্ৰটকলৰ নীতি
শুকুৰবাৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৷ ক’ভিড প্ৰটকলৰ নীতি নিৰ্দেশনাৰ মাজেৰে ফিতা কাটি দ্বাৰ মুকলি কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
![পৰ্যটকৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান orange national park opening parimal suklabaidya forest minister assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9458948-806-9458948-1604681334593.jpg)
ৰাষ্ট্ৰীয় বা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উদ্যানখনৰ প্ৰচাৰ যি হাৰত হ’ব লাগিছিল, সেই হিচাবে নোহোৱা বাবে আৰু ক’ভিড-১৯ৰ বাবে বন্ধ থকা উদ্যানখনত পৰ্যটকৰ সংখ্যা লাহে লাহে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । অনান্য উদ্যানৰ তুলনাত এই উদ্যানৰ পৰিসৰৰ তুলনাত বন্যপ্ৰাণীৰ সংখ্যা যথেষ্ট বেছি। উদ্যানত গঁড়, হৰিণা, বন গাহৰি লগতে যথেষ্ট সংখ্যক বাঘ থকা বুলি কয় মন্ত্ৰী গৰাকীয়ে। লগতে ক’লে, বিগত দুমাহত দুবাৰ আহিছিলো উদ্যানখনত, উদ্যানখনৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে প্ৰতিদিন আহিবলৈ ইচ্ছা যায়। একেদৰে উদ্যানখনৰ জৰাজীৰ্ণ বাট পথ অতি শীঘ্ৰে উন্নত কৰি পৰ্যটকৰ যাতায়তৰ বাবে সুচল কৰি তোলা হ’ব বুলি কয় মন্ত্ৰী গৰাকীয়ে ।
মুকলি অনুষ্ঠানত উপস্থিত থাকে বন বিভাগৰ শীৰ্ষ বিষয়া ক্ৰমে আমিত সাহায়,এ এম সিং, ডি এফ অ সন্দ্বীপ বিৰদী, অতিৰিক্ত উপায়ুক্ত সুৰজিত বৰা খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বৃদ্ধিন চন্দ্ৰ হাজৰিকা, মঙলদৈ বন সংমণ্ডল বিষয়াসহ বন বিভাগটোৰ বহু কেইজন বিষয়া কৰ্মচাৰী ও দুই শতাধিক স্থানীয় ৰাইজ আৰু ছাত্ৰী উপস্থিত থাকে ।
লগতে পঢ়কঃনতুন প্ৰজন্মক অগপৰ বিশেষ দায়িত্ব