দলগাঁও, ১৪ জুন :সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় অসম চৰকাৰৰ বন, মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈয়েই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে অতি সোনকালেই উদ্যানৰ ভিতৰত প্ৰৱেশ কৰা ৰাস্তাটোৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনতিপলমে বন বিভাগৰ কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰি উদ্যানৰ জীৱ জন্তুৰ নিৰাপত্তা নিশ্চিত কৰিব বুলি মন্তব্য কৰে ৷ লগতে উদ্যানখনত দহ হাজাৰ গছপুলি ৰোপণ কৰাৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে বনমন্ত্ৰীগৰাকীয়ে ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটক সকলৰ বাবে দুটা পৰ্যটন নিৱাসৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিব দিয়ে ৷ তাৰোপৰিও মন্ত্ৰীগৰাকীয়ে দৰং-শোণিতপুৰ জিলাৰ ৰাজহ, আবকাৰী আৰু মীন বিভাগৰ বিষয়া সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷
ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অসমত মৎস উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে মীন বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে ৷ লগতে মঙলদৈত মীন বিভাগৰ মাটিত চলি থকা বেদখল অচিৰেই উচ্ছেদ কৰাৰ কথা উল্লেখ কৰে ৷ সোমবাৰে মন্ত্ৰীগৰাকীৰ ভ্ৰমণ কালত বৰছালাৰ বিধায়ক গনেশ লিম্বু,বন বিভাগৰ চিচি এফ হেমন্ত তালুকদাৰ উপস্থিত থাকে ৷
লগতে পঢ়ক :অৰুণাচলত ব্ৰাউন চুগাৰসহ প্ৰাক্তন আলফা সদস্য গ্ৰেপ্তাৰ