- ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বানৰ তাণ্ডৱ
- কুৰিৰো অধিক বন শিবিৰ প্লাৱিত বানত
- টুলুঙা নাৱেৰে টহল দিছে বন কৰ্মীয়ে
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বান - FOREST GOURD
নিৰাপদ স্থান বিচাৰি ধাপলি মেলিছে উদ্যানখনৰ বন্যপ্ৰাণীসমূহ ৷ বানত বুৰ গৈছে উদ্যানখনৰ কুৰিৰো অধিক বন শিবিৰ ৷
ধনশিৰি আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ উফন্দি উঠা বাঢ়নি পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে উদ্যানখন বন্যপ্ৰাণীৰ মাজত। যাৰ বাবে নিৰাপদ ওখ স্থান বিচাৰিঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে ৷ উদ্যানখনৰ কটগৰা,ছাবনী হাজাৰ বিঘা,বৰখে,তিনকোনা,বন্তবো,ৰামকং,পুৰণা গড়ভঙা,নতুন গড়ভঙা , বগৰীবাৰী,কাটাশালী,কাছোমাৰী,বালিকেম্প আদিকে ধৰি প্ৰায় সংখ্যক বন শিবিৰ পানীত ডুব গৈছে । যাৰ বাবে বন্যপ্ৰাণীৰ লগতে বন কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিত চোৰাংচিকাৰীয়ে যাতে উদ্যানত প্ৰৱেশ কৰি গড় হত্যা কৰিব নোৱাৰে তাৰ বাবে টুলুঙা নাৱেৰেই নিজৰ কৰ্তব্যত নিয়োজিত হৈ আছে প্ৰতিজন বনকৰ্মী।