ওৰাং, 4 নৱেম্বৰঃ আজি পৱিত্ৰ গোপাষ্টমী ৷ আজিৰ এই পৱিত্ৰ দিনটোৰে পৰা ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা উৎসৱ ৷ পৰম্পৰা অনুসৰি এই উৎসৱৰ প্ৰথম দিনা আশ্ৰমখনত থকা ধাননী পথাৰ খনৰ ধান গৰুক খুওৱা হয় ৷ গৰুৱে খোৱাৰ পিছতে ৰাইজে এই ধানসমূহ ঘৰলৈ নিয়ে ৷ লোক বিশ্বাস অনুসৰি এই ধান নিজৰ ভড়ালত ৰাখিলে ধানৰ উৎপাদন দুগুনে বৃদ্ধি হোৱাৰ লগতে ঘৰলৈ লক্ষ্মীৰ আগমন হয় ৷ সেয়েহে এই উৎসৱক লৈ বৰঝাৰত ব্যাপক জনসমাগমৰ সৃষ্টি হয় ৷
ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা - বিৰেন্দ্ৰ নগৰ আশ্ৰম
আজিৰ এই পৱিত্ৰ দিনটোৰে পৰা ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা উৎসৱ ৷ পৰম্পৰা অনুসৰি এই উৎসৱৰ প্ৰথম দিনা আশ্ৰম খনত থকা ধাননী পথাৰ খনৰ ধান গৰুক খুওৱা হয় ৷ গৰুৱে খোৱাৰ পিছতে ৰাইজে এই ধানসমূহ ঘৰলৈ নিয়ে ৷
![ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4956761-thumbnail-3x2-u.jpg)
ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা
ওৰাঙৰ বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোপাষ্টমী আৰু ৰাসমেলা
আনহাতে, ধান খাবলৈ পথাৰত গৰুৰ জাঁকৰ লগতে সেই ধান সংগ্ৰহৰ বাবে হাজাৰ হাজাৰ লোক একেলগে পথাৰত নামি পৰে ৷ উল্লেখ্য যে, ওদালগুৰিত এই গোপাষ্টমীৰ পৰম্পৰা 65 বছৰীয়া ৷ গোপাষ্টমী উপলক্ষেই সম্প্ৰতি উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে আশ্ৰমখনত ৷