দৰং,5 মাৰ্চঃআগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দৰং জিলাৰ অগপ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীত্বক লৈ ন ন চৰ্চা আৰম্ভ হৈছে । বিশেষকৈ ছিপাঝাৰ বিধানসভা সমষ্টি আৰু কলাইগাঁও সমষ্টিক লৈ ঘনে ঘনে সলনি হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক দৃশ্যপট । শেহতীয়াভাৱে ছিপাঝাৰ সমষ্টিটো বিজেপি অগপ দলক এৰি দিয়া বুলি বিজেপিৰ শীৰ্ষ সূত্ৰে জানিব পৰা গৈছে । এই লৈ শুকুৰবাৰে ছিপাঝাৰত বিনন্দ পন্থী বিজেপি কৰ্মকতা সকলে ব্যাপক ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে, আঞ্চলিকতাবাদৰ দুৰ্গ স্বৰূপ ছিপাঝাৰত অগপ নেতৃত্বৰ ভুলৰ বাবেই ৰাষ্ট্ৰীয় দলৰ হাতলৈ গৈছিল যদিও পুনৰ সমষ্টিটো অগপক এৰি দিবলৈ সিদ্ধান্ত লোৱাত ছিপাঝাৰবাসী উৎফুল্লিত হৈ পৰিছে । সেইফালৰ অগপৰ প্ৰাথীত্ব প্ৰদান কৰাৰ সম্ভাৱনা ড৹ পৰমানন্দ ৰাজবংশীৰ । মনকৰিবলগীয়া যে, বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোহাঁত স্বৰূপ ড৹ পৰমানন্দ ৰাজবংশীয়ে প্ৰাৰ্থীত্ব লাভ কৰাটো নিশ্চিত হৈ পৰিছে ।