দৰং, ৩ জুলাই :পুনৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ দেহত ধৰা পৰিছে কোভিড-১৯ ৰ অৱস্থিতি । চিকিৎসালয়খনৰ জেষ্ঠ শৈল্য চিকিৎসক ডাক্তৰ জীতেন চহৰীয়াৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ বীজাণু ৷
জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ভাগত চিকিৎসা সেৱা আগবঢ়াই আছিল ডাক্তৰ জীতেন চহৰীয়াই । ভ্ৰমণৰ কোনো ধৰণৰ ইতিহাস নথকা চিকিৎসকজনক কৰ'ণা পজিটিভ পোৱাৰ পিচতেই আতংকিত হৈ পৰিছে ৰোগী সকলৰ লগতে অঞ্চলবাসী ।