অসম

assam

ETV Bharat / state

Elephant attack: ভাতৃক হেৰুওৱাৰ বেদনা সহ্য কৰিব নোৱাৰিলে ককায়েকে - খাৰুপেটীয়া

হৃদয় বিদাৰক ঘটনা, মাতাল পোহনীয়া হাতীৰ আক্ৰমণত নিহত খাৰুপেটীয়াৰ যুৱক ৷ ভাতৃৰ মৃত্যুৰ খবৰ শুনি জ্যেষ্ঠ ভাতৃৰো মৃত্যু ৷ গুৰুতৰভাৱে আহত তিনিজন ভাতৃ ৷

Elephant attack
হাতীৰ আক্ৰমণত নিহত মাউত

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 2:21 PM IST

হৃদয় বিদাৰক ঘটনা

দলগাঁও, ১ নৱেম্বৰ : এটা শোকাৱহ ঘটনাই মুহূৰ্ততে তচনচ কৰিলে খাৰুপেটীয়াৰ এটা পৰিয়াল । মঙলবাৰে অৰুণাচলৰ সমীপৱৰ্তী লখিমপুৰ ছেভেন গেটৰ পাহাৰত মৃত্যু হয় খাৰুপেটীয়াৰ এজন যুৱকৰ । মাতাল হৈ পৰা পোহনীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় খাৰুপেটীয়াৰ ছাদ্দাম হুছেইনৰ । ছাদ্দাম হুছেইনৰ মৃত্যুৰ খবৰত মৃত্যু হয় জ্য়েষ্ঠ ভাতৃৰো ৷ খাৰুপেটীয়াৰ হাস্পতাল ৰোডৰ হাজী জয়নুদ্দিন ওৰফে জনু দেৱানীৰ দুই পুত্ৰৰ একে দিনাই মৃত্যু হয় ।

জনু দেৱানীৰ পুত্ৰ ছাদ্দাম হুছেইনৰ অৰুণাচলত মাতাল হাতীৰ আক্ৰমণত মৃত্যুৰ খবৰ পাই খাৰুপেটীয়াৰ নিজা বাসগৃহত থকা জ্যেষ্ঠ ভাতৃ ওছমান আলীৰো মৃত্যু হয় । উল্লেখ্য যে, হাজী জয়নুদ্দিন ওৰফে জনু দেৱানীৰ পুত্ৰ ছাদ্দাম হুছেইনৰ নিজৰ ৫ টা পোহনীয়া হাতী অৰুণাচলৰ সমীপৱৰ্তী লখিমপুৰ ছেভেন গেটৰ পাহাৰত কৰ্মৰত হৈ আছিল । শেহতীয়াকৈ এটা হাতী মাতাল হৈ পৰাত চিকিৎসাৰ বাবে চিকিৎসকৰ দল ট্ৰেংকুলাইজ কৰিবলৈ উপস্থিত হয় ঘটনাস্থলীত ।

হাতীটোক ট্ৰেংকুলাইজ কৰিবলৈ চিকিৎসকৰ সৈতে আগবাঢ়িছিল ছাদ্দাম হুছেইনৰ লগতে আন তিনিজন । সেই সময়তে দঁতাল হাতীটোৱে হঠাতে আক্ৰমণ কৰে ছাদ্দাম হুছেইনৰ লগতে আন তিনিজনক । হাতীৰ আক্ৰমণত থিতাতে মৃত্যু হয় ছাদ্দাম হুছেইনৰ । গুৰুতৰভাৱে আহত হয় বাকী তিনি ভাই-ককাই ক্ৰমে আবুল বাসাৰ, আবু বক্কৰ ছিদ্দিক আৰু মকবুল হুছেইন । এই খবৰ লাভ কৰাৰ পাচতে জ্যেষ্ঠ ভাতৃ ওচমান আলীৰ খাৰুপেটীয়াৰ বাসগৃহত মৃত্যু হয় ।

একে দিনাই দুই ভাতৃৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত । উল্লেখ্য যে, উক্ত হৃদয় বিদাৰক ঘটনাৰ পিচতে মাতাল হাতীটোক চিকিৎসকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় যদিও তচনচ হয় খাৰুপেটীয়াৰ এটা পৰিয়াল । বুধবাৰৰ পুৱতি নিশা হাতীৰ আক্ৰমণত নিহত‌ ছাদ্দাম হুছেইনৰ মৃতদেহ নিজা গৃহ‌ খাৰুপেটীয়ালৈ অনা হয় । এনে হৃদয় বিদাৰক ঘটনাক লৈ শোঁকৰ‌ ছা পৰিছে অঞ্চলটোত ।

লগতে পঢ়ক :Wild elephant attack:বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল এজনৰ, আহত শিশু

ABOUT THE AUTHOR

...view details