দলগাও, ২২ মে' :ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত এজন লোকৰ মৃত্যু ৷ অভিযোগ অনুসৰি, দলগাঁও থানাৰ অন্তৰ্গত চকৰা গাঁৱৰ নুৰ ইছলাম নামৰ ব্যক্তি গৰাকীৰ এডোখৰ মাটি লৈ দুই ফৈদৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল বিবাদ । সেই বিবাদৰ পৰিণতিত গাওঁখনৰে প্ৰাক্তন কাউন্সিলাৰ চুলতান আলীৰ নেতৃত্বত ২০-২৫ জনীয়া এটা দলে হাতে হাতে দা, কোৰ, লাঠি, ৰড আদি লৈ নুৰ ইছলামক ঘৰৰ চৌহদতে আক্ৰমণ কৰে ।
ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত এজনৰ মৃত্যু
দলগাঁৱত ভূমি বিবাদৰ কৰুণ পৰিণতি । দা-লাঠিৰ আক্রমণত এজন নিহত, মহিলাসহ কেইবাজনো গুৰুতৰভাৱে আহত ৷ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ ভুক্তভোগীৰ ৷
ভূমি বিবাদক কেন্দ্ৰ কৰি দলগাঁৱত এজনৰ মৃত্যু
বৃহৎ দলটোৰ আক্ৰমণত নুৰ ইছলাম নামৰ ব্যক্তিগৰাকীৰ থিতাতে নিহত হয় ৷ আনহাতে এই আক্ৰমণৰ ঘটনাত মহিলাসহ কেইবাজনো গুৰুতৰভাৱে আহত হয় ৷ আহতসকলক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । উল্লেখ্য যে, ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে আজি পুৱাই দলগাওঁ আৰক্ষীক লিখিতভাৱে জনাইছিল যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ বাবেই উক্ত ঘটনা সংঘটিত হয় বুলি পৰিয়াল লোকে অভিযোগ কৰে ।