অসম

assam

ETV Bharat / state

জাপানীজ এনকেফেলাইটিছ: মঙলদৈত মৃত্যু এগৰাকীৰ

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মঙলদৈত আৰক্ষী বিষয়াৰ মৃত্যু ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু লোকজনৰ ৷

জাপানীজ এনকেফেলাইটিছ

By

Published : Jul 15, 2019, 11:38 PM IST

মঙলদৈ,15 জুলাই : জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ দৰং জিলাত 6 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ পাচতে পুনৰ সোমবাৰে মঙলদৈত মৃত্যু ঘটে এজন লোকৰ ৷ মঙলদৈ চহৰৰ ২ নং ৱাৰ্ডৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া আক্কাচউদ্দিন আহমেদ(৭৩) নামৰ লোকজনে এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হয়। বিগত ৯ জুলাইৰ নিশা আহমেদৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে বুধবাৰে তেওঁক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও জ্বৰ ভাল নোপোৱাত বৃহস্পতিবাৰে তেওঁক উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হয়। তাৰ পাচত তিনিদিনে জি এন আৰ চিত চিকিৎসাৰ অন্ততো আক্কাচউদ্দিনে আৰোগ্য নোহোৱাত দেওবাৰে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। তাত তেওঁৰ জাপানীজ এনকেফেলাইটিছ হোৱা বুলি ধৰা পৰাত চিকিৎসকে সেই ৰোগৰ চিকিৎসা আৰম্ভ কৰে যদিও সোমবাৰে চিকিৎসালয়ত মৃত্যুক সাৱতি লয় লোকজনে৷

ABOUT THE AUTHOR

...view details