দৰং, ১৫ জুলাই: ড্ৰাগছ ব্যৱসায়ী, ডকাইত তথা দুৰ্ধৰ্ষ অপৰাধী নহয়, এইবাৰ চোৰক লক্ষ্য কৰি গৰজিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ দৰং খাৰুপেটীয়াত সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা ৷ খাৰুপেটীয়াৰ শ্ৰী দিগম্বৰ জৈন মন্দিৰত ১১ জুলাইত সংঘটিত চুৰিকাণ্ড ঘটনাৰ সৈতে জড়িত আছিল চোৰটো ৷ খাৰুপেটীয়া আৰক্ষী থানাৰ আৰক্ষী লোকক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় আছৰ্ফ আলী নামৰ গভাইত চোৰটো ।
খাৰুপেটীয়াৰ প্ৰখ্যাত শ্ৰী দিগম্বৰ জৈন মন্দিৰত ১১ জুলাইত সংঘটিত হৈছিল এক চুৰিকাণ্ড ৷ তিনিজনীয়া চোৰৰ দলটোৱে মন্দিৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সাতটাকৈ মূৰ্তিৰ লগতে দানপাত্ৰৰ ধনসহ বহু সামগ্ৰী চুৰি কৰি নিয়ে ৷ দৰং আৰক্ষীয়ে আৰু খাৰুপেটীয়া আৰক্ষীয়ে অভিযান চলাই বঙাইগাঁৱৰ পৰা তিনি চোৰক আটক কৰিবলৈ সক্ষম হয় ।