অসম

assam

ETV Bharat / state

মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰা দৰঙৰ শিক্ষাৰ্থীক সম্বৰ্ধনা ৷

By

Published : Jul 2, 2020, 11:01 PM IST

north east small finance bank felicitated brilliant student s in darang
north east small finance bank felicitated brilliant student s in darang

দৰং, 2 জুলাই : হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰি নাম উজলোৱা দুই কৃৰ্তীমান ছাত্ৰক বুধবাৰে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, মঙ্গলদৈ শাখাই নিজ নিজ গৃহত সম্বৰ্ধনা জনায়।

এই উপলক্ষে শাখা অঞ্চল প্ৰবন্ধক হেমন্ত চন্দ্ৰ ডেকা, সহকাৰী শাখা পৰিচালক মনোজ শৰ্মা, কৰ্মচাৰী চিন্টু চহৰীয়াই অসমৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতা আৰু পূবালী ডেকাক বিভিন্ন উপহাৰ সামগ্ৰী আগবঢ়ায়।

মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এই বৰ্ষত দৰং জিলাৰ নাম উজলাবলৈ সক্ষম হৈছে এই দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৷ জিলাখনৰ পৰা দুয়োটা পৰীক্ষাতে সুন্দৰ ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীকেইজনক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে জিলাবাসী ৷

লগতে পঢ়ক :মূল্যবৃদ্ধি : ৰঙিয়াত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details