অসম

assam

ETV Bharat / state

দৰং জিলাত সাত গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - ৬৭ নং মঙলদৈ (অনুসূচিত) বিধানসভা সমষ্টি

বৃহস্পতিবাৰে দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ছগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । 12 মাৰ্চৰ বিয়লি 3 বজালৈ মনোনয়নৰ পত্ৰ দাখিলৰ অন্তিম সময় ধাৰ্য কৰাৰ বিপৰীতে বুধবাৰেও ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ আন এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

দৰং জিলাত সাত গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
দৰং জিলাত সাত গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

By

Published : Mar 12, 2021, 7:20 AM IST

মঙলদৈ,12 মাৰ্চ: ১ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে দৰং জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ বিপৰীতে মুঠ ছগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকল হ'ল- ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী গৌম্বৌৰ মুছাহাৰী , ৬৬ নং ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী, এছইউচিআইৰ পাহেশ্বৰী বৰুৱা, নিৰ্দলীয় প্ৰাৰ্থী ছাহনুৰ আলী, ৬৭ নং মঙলদৈ (অনুসূচিত) বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাস আৰু ৬৮ নং দলগাঁও বিধানসভা সমষ্টিৰ এআইইউডিএফৰ মজিবুৰ ৰহমান ।

দৰং জিলাত সাত গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

উল্লেখ্য যে, 12 মাৰ্চৰ বিয়লি 3 বজালৈ মনোনয়নৰ পত্ৰ দাখিলৰ অন্তিম সময় ধাৰ্য কৰাৰ বিপৰীতে বুধবাৰেও ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ আন এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল ।

লগতে পঢ়ক:নগাঁও জিলাত প্ৰাৰ্থীৰ মনোনয়ন পত্ৰৰ পৰীক্ষণ সম্পন্ন

ABOUT THE AUTHOR

...view details