দলগাঁও, ১২ ডিচেম্বৰ : ন-খোৱা অসমীয়া সমাজৰ এক এৰাব নোৱাৰা পৰম্পৰা (Nokhowa Festival of Assam) । আধুনিকতাই সমাজ ব্যৱস্থাৰ বহু পৰম্পৰাক গ্ৰাস কৰিলেও দলগাঁৱত ন-খোৱা পৰম্পৰা আজিও অটুট আছে (Nokhowa Festival in Dalgaon) ৷ সমাজকৰ্মী কুলেন হাজৰিকাৰ প্ৰচেষ্টাত আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত ন-খোৱা পৰ্বত গীত-মাত-নৃত্যৰে মুখৰিত হয় দলগাঁও ।
দলগাঁও বাৰোৱাৰী পূজা মন্দিৰত বিগত বৰ্ষৰ দৰে এইবাৰে সমবেত হয় অঞ্চলটোৰ গণ্য-মান্য সকলো লোক (Nokhowa Festival in Dalgaon Barowari Puja Mandir) । বিগত কেইবা বছৰৰ পৰা দলগাঁৱৰ ন-খোৱা অনুষ্ঠানে বহন কৰিছে সমন্বয় আৰু সম্প্ৰীতিৰ চানেকি (unity and harmony in Dalgaon nokhowa festival) ।
সমাজৰ বিভিন্ন জাতি-ধৰ্মৰ লোকৰ সমাগমেৰে পুৱাৰে পৰা আৰম্ভ হয় বিভিন্ন পৰম্পৰাগত খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়া । হাঁহ-ছাগলীৰ মাংস, ঔ টেঙাৰে ৰৌ-বৰালি মাছৰ জোল, পোৰা গৰৈ মাছৰ পিটিকা, আলু-বেঙেনা পিটিকা আদি বিবিধ ব্যঞ্জনেৰে মিলিজুলি পুৱাৰে পৰা সকলোৱে ব্যস্ত হৈ পৰে । ন-খোৱাৰ পূৰ্বে জ্যেষ্ঠ আৰু কনিষ্ঠসকলৰ উপস্থিতিত অনুষ্ঠিত হয় অন্তৰংগ আলাপ ৷