অসম

assam

ETV Bharat / state

অচিন ৰোগে গ্ৰাস কৰা এখন গাঁও... - মঙলদৈ সমষ্টিৰ অন্তৰ্গত পাতিদৰং গাঁও

একাংশ লোকে এনেধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰিৱৰ্তে বিশ্বাস কৰে গাঁওখনত থকা মন্দিৰৰ পুৰোহিতে দিয়া ঔষধৰ ৷ আন একাংশই আকৌ বিশ্বাস কৰে যে, বৰ্তমানৰ প্ৰজন্মই গাঁওখনৰ মন্দিৰটোত ভালদৰে পূজা-অৰ্চনা নকৰাৰ ফলত দিনে-দিনে অচিন ৰোগত আক্ৰান্ত হৈছে গাঁওবাসী ৷ ইতিমধ্যে পাতিদৰঙত মৃত্যু হৈছে বহু লোকৰ ৷

NOJONA KOTHABUR
NOJONA KOTHABUR

By

Published : Aug 17, 2020, 9:11 PM IST

ধৰ্মান্ধতা আৰু অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি জৰাজীৰ্ণ এখন গাঁও ৷ গাঁওখনত এই পৰ্যন্ত 200 ৰো অধিক লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ অঞ্চলটোত দেখা দিছে অচিন ৰোগে ৷ আক্ৰান্ত হৈছে ইটোৰ পিচত সিটো পৰিয়ালৰ সদস্য ৷ অঞ্চলটোৰ একাংশ লোকৰ ধাৰণা আৰু অন্ধবিশ্বাসৰ ফলত ভয়ানক ৰূপ লৈছে এই ৰোগে ৷ ক্ৰমান্বয়ে ইজনৰ পিচত সিজন লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷

দৰং জিলাস্থিত মঙলদৈ সমষ্টিৰ অন্তৰ্গত পাতিদৰং গাঁও ...

একাংশ লোকে এনেধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰিৱৰ্তে বিশ্বাস কৰে গাঁওখনত থকা মন্দিৰৰ পুৰোহিতে দিয়া ঔষধৰ ৷ আন একাংশই আকৌ বিশ্বাস কৰে যে, বৰ্তমানৰ প্ৰজন্মই গাঁওখনৰ মন্দিৰটোত ভালদৰে পূজা-অৰ্চনা নকৰাৰ ফলত দিনে দিনে অচিন ৰোগত আক্ৰান্ত হৈছে গাঁওবাসী ৷ ইতিমধ্যে পাতিদৰঙত কৰ্কট ৰোগত মৃত্যু হৈছে বহু লোকৰ ৷

লগতে পঢ়কঃ ৱেব পৰ্টেলত সম্প্ৰচাৰিত অনুষ্ঠানৰ বিৰুদ্ধে সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

অৱশেষত জনস্বাস্থ্য কাৰিকৰী বিভাগে চলোৱা এক সমীক্ষাত এই ঘটনাৰ কাৰণ পোহৰলৈ আহিল ৷ অঞ্চলটোৰ ভূ গৰ্ভত ধৰা পৰিছিল মানৱ শৰীৰ বাবে বৰবিহ সদৃশ আৰ্ছেনিক ৷ অত্যাধিক আৰ্ছনিকযুক্ত ভূগৰ্ভৰ জল সেৱন কৰাৰ ফলত অঞ্চলটোৰ বহু লোক আক্ৰান্ত হৈছে কৰ্কট ৰোগত ৷ আৰ্ছেনিকযুক্ত পানী পৰিশোধন নকৰাকৈ সেৱন কৰাৰ বাবে বহু লোক আক্ৰান্ত হৈছে মাৰাত্মক কৰ্কট ৰোগত ৷ চৰকাৰে ২২৭ টা আৰ্ছেনিকমুক্ত আৰু ৪০ টা ফ্লৰাইডমুক্ত পানীৰ আঁচনি ৰাজ্যৰ বিভিন্ন স্থানত স্থাপন কৰিছে যদিও এতিয়াও আৰ্ছেনিকৰ প্ৰভাৱৰ পৰা মুক্ত কৰিব পৰা নাই ৰাজ্যৰ জনসাধাৰণক ৷

আৰ্ছেনিক

আৰ্ছেনিকমুক্ত পানী উপলব্ধ কৰাৰ বাবে চৰকাৰে ১২২ টা আঁচনিত অনুমোদন জনাইছিল যদিও সেয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ৷ বিপৰীতে দিনে দিনে আৰ্ছেনিক আৰু ফ্লৰাইডযুক্ত পানী সেৱন কৰি মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ আছে ৷ অন্ধবিশ্বাস আৰু সচেতনতাৰ অভাৱত দৰঙৰ পাতিদৰঙৰ গাঁওবাসীয়ে অদৃষ্টজনৰ ওপৰত সকলো এৰি দিছে ৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগেও অঞ্চলটোত আৰ্ছেনিক সম্বন্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাত সফল হ'ব পৰা নাই ৷ চৰকাৰী তথ্য মতে এই পৰ্যন্ত জিলাখনৰ 338 টা পৰিয়ালৰ সদস্যক গ্ৰাস কৰিছে মাৰাত্মক আৰ্ছেনিকে ৷ ঘৰে প্ৰতি কৰ্কট ৰোগী থকা দৰঙৰ এখন গাঁৱত সংহাৰী ৰূপ লৈছে মাৰাত্মক আৰ্ছেনিক যুক্ত পানীয়ে ৷

ABOUT THE AUTHOR

...view details