অসম

assam

ETV Bharat / state

হাগ্ৰামাৰ মডেল BTC উন্নয়নৰ নমুনাঃ সাঁতুৰি নৈ পাৰ হৈছে ৰাইজে - Udalguri district

ওদালগুৰি জিলাৰ ৭০নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ইকৰাবাৰী আৰু হাজেৰাগাঁৱৰ মাজেৰে বৈ যোৱা ককালভাঙী নদীত এনেদৰেই বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে কেবাখনো গাঁৱৰ ৰাইজ।

Udalguri district
সাঁতোৰি নৈ পাৰ হৈছে ৰাইজে

By

Published : Jul 21, 2020, 7:44 PM IST

Updated : Jul 21, 2020, 9:41 PM IST

দৰং, 21 জুলাইঃ এখন দলঙৰ অভাৱত আজিৰ শতিকাতো সাঁতুৰি নৈ পাৰ কৰিছে ওডালগুৰি জিলাৰ অন্তৰ্গত ইকৰাবাৰী আৰু হাজেৰাগাঁৱৰ ৰাইজে ৷ প্ৰায়ে মডেল BTCৰ উন্নয়ন ফুটনি মাৰি থকা হাগ্ৰামা মহিলাৰিৰো এই দৃশ্য দেখিলে চকু কঁপালত উঠিব ৷ কাৰণ নৈৰ ওপৰেৰে যাতায়ত কৰিবলৈ দলং বা সাঁকোৰ ব্যৱস্থা নথকাৰ ফলত সাঁতোৰি নৈ পাৰ কৰিছে স্থানীয় লোকে ৷
ওদালগুৰি জিলাৰ ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ইকৰাবাৰী আৰু হাজেৰাগাঁৱৰ মাজেৰে বৈ যোৱা ককালভাঙী নদীত এনেদৰেই বিপদসংকুলভাৱে যাতায়ত অব্যাহত ৰাখিছে কেবাখনো গাঁৱৰ ৰাইজ।
গাঁও কেইখনৰ ৰাইজে প্ৰতি বছৰে নিজৰ গাঁঠিৰ ধন ভাঙি নদীৰ ওপৰত সাঁকো নিৰ্মাণ কৰে যদিও নদীৰ বাঢ়নী পানীয়ে সাঁকো উটোৱাই লৈ যায়। অনুৰূপ ধৰণে এইবাৰো নদীখনৰ বাঢ়নী পানীয়ে যাতায়াতৰ একমাত্ৰ সাঁকোখন ছিন্ন-বিচ্ছিন্ন কৰি পেলাই।

সাঁতোৰি নৈ পাৰ হৈছে ৰাইজে
ফলত ইকৰাবাৰী,হাজেৰা গাঁও আদি কেবাখনো গাঁৱৰ ৰাইজৰ যাতায়াত বন্ধ হৈ দীৰ্ঘদিনলৈ বহিঃজগতৰ সৈতে যোগাযোগ বিচ্ছিন্ন পৰিছে। জৰুৰীকালীন অৱস্থাত সৰ্বসাধাৰণ ৰাইজ উপায়ন্তৰ হৈ এনেদৰে ভৰা নদীৰ বুকুত বিপদজনক ভাৱে সাঁতোৰি পাৰ হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।লগতে পঢ়কঃলাম্পিত বাৰিষাৰ হাড় কপোৱা জাৰ

হাগ্ৰামাৰ মহিলাৰীৰ ১৭ বছৰীয়া কাৰ্যকালত বিটিচিত বহু উন্নয়ন হৈছে বুলি ঢাক-ঢোল বজাই আছে যদিও প্ৰকৃততে কিমান উন্নয়ন হৈছে এনেবোৰ দৃশ্যই প্ৰমাণ কৰে। অন্যহাতে মাজবাট বিধানসভা সমষ্টিৰ বিপিএফ দলৰ বিধায়ক চৰন বড়োক উক্ত ঠাইত যাতায়াতৰ সুবিধাৰ্থে এখন কাঠৰ দলং নিৰ্মাণ কৰি দিবলৈ স্থানীয় ৰাইজে কাকূতি-মিনতি কৰাৰ পিছত বিধায়ক গৰাকীয়েও দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল, যদিও আজিকোপতি সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি ৰাইজে অভিযোগ কৰিছে ।

Last Updated : Jul 21, 2020, 9:41 PM IST

ABOUT THE AUTHOR

...view details