অসম

assam

দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

By

Published : May 5, 2021, 6:55 AM IST

দৰঙত মঙলবাৰে ১৫১ গৰাকী লোকৰ শৰীৰত ক'ভিড ১৯ৰ উপস্থিতি ধৰা পৰে । এইসকলক ধৰি চলিত বৰ্ষত জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩২২ গৰাকীলৈ বৃদ্ধি পাইছে । সম্প্ৰতি ৮৪৫ গৰাকী ক'ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে ।

দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত
দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত

দৰঙ, 5 মে’ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙতো বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটোত দৰঙত পুনৰ 151 গৰাকী লোকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰে ৷ এইসকলক ধৰি চলিত বৰ্ষত জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা ১৩২২ গৰাকীলৈ বৃদ্ধি পাইছে ।

সম্প্ৰতি জিলাখনত 845 গৰাকী ক’ভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰে ৭৫ গৰাকী ৰোগী চিকিৎসালয়ত থকাৰ বিপৰীতে ৭৬৮ গৰাকী ক’ভিড আক্ৰান্ত ঘৰতে হোম আইচ’লেচনত আছে ।

উল্লেখ্য যে, চিকিৎসালয়ত থকা ক'ভিড আক্ৰান্ত সকলৰ ভিতৰত 35 গৰাকী মঙলদৈ অসামৰিক চিকিৎসালয় আৰু 32 গৰাকী জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত 4 গৰাকী আৰু গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত 3 গৰাকী আৰু নাৰায়ন হৃদালয়াত এজন ক’ভিড আক্ৰান্ত ৰোগী ভৰ্তি হৈ আছে ।

আনহাতে মঙলবাৰে জিলাখনত 868 টা ৰেপিড এন্টিজেন টেষ্ট (RAT)সম্পন্ন হোৱাৰ লগতে 256 টা আৰটিপিচিআৰ (RTPCR)পদ্ধতিৰে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : অধিক ভয়াৱহ হ’ব দেশৰ ক’ভিড পৰিস্থিতি

ABOUT THE AUTHOR

...view details