অসম

assam

By

Published : Sep 18, 2020, 6:31 PM IST

ETV Bharat / state

চৰকাৰৰ মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক লৈ সৰৱ মুছলিম ছাত্ৰ সন্থা

মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে মুছলিম ছাত্ৰ সন্থা ৷ সৰ্বা-হিমন্ত গ’ বেক ধ্বনিৰে উত্তাল বেছিমাৰী ৷ বেছিমাৰীত মুছলিম ছাত্ৰ সন্থাৰ দৰং জিলা সমিতিৰ উদ্যোগত সৰ্বা-হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ ৷

চৰকাৰৰ মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক লৈ সৰৱ মুছলিম ছাত্ৰ সন্থা
চৰকাৰৰ মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক লৈ সৰৱ মুছলিম ছাত্ৰ সন্থা

দলগাঁও, 18 ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্ত ঘোষণা কৰাৰ পাচতেই এতিয়া জাঙুৰ খাই উঠিছে মুছলিম ছাত্ৰ সন্থা । শুকুৰবাৰে সংগঠনটোৰ দৰং জিলাৰ সমিতিৰ উদ্যোগত বেছিমাৰীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে৷ হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ,অসম চৰকাৰ হায়-হায়, হিমন্ত বিশ্ব শৰ্মা গ’ বেক,মাদ্ৰাছা বন্ধ কৰা সিদ্ধান্ত বাতিল কৰক আদি শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ ৷

মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তক লৈ সৰৱ মুছলিম ছাত্ৰ সন্থা

সংগঠনটোৰ দৰং জিলা সমিতিৰ সভাপতি জহিৰুল ইছলাম খলিফাই চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে ৷ অন্যথা অনাগত দিনত সংগঠটোৱে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে ৷

লগতে চাওক-পঞ্চায়তৰ ভূমি বেদখল কৰাক লৈ হোজাইত সৰৱ পঞ্চায়ত সভাপতি

ABOUT THE AUTHOR

...view details