অসম

assam

ETV Bharat / state

হত্যা নে আত্মহত্য়া : শিক্ষক দিৱসৰ দিনাই শিক্ষয়িত্ৰীৰ মৃত্যু - কটু বাক্য

ভাবিব নোৱাৰা এক দৃশ্য ৷ হঠাৎ ঢলি পৰিল এগৰাকী বাইদেউ ৷ ঘটনাক কেন্দ্ৰ কৰি কি থানা, কি হাস্পতাল সকলোতে হুলস্থূল ৷ সকলো ব্যস্ত মাথোন বাইদেউক লৈ ৷ সবিশেষ চাওক এই প্ৰতিবেদনত...

murder case at mangaldai
শিক্ষক দিৱসৰ দিনাই শিক্ষয়ত্ৰীৰ মৃত্যু

By

Published : Sep 7, 2021, 9:04 AM IST

দৰং, 7 ছেপ্তেম্বৰ :এগৰাকী শিক্ষক এডাল মমবাতিৰ নিচিনা ৷ যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে ৷’ নিজৰ সমস্যাক, সমস্যা বুলি জ্ঞান নকৰে প্ৰতিগৰাকী শিক্ষকে ৷ কিন্তু পবিত্ৰ শিক্ষক দিৱসৰ দিনটোতে এগৰাকী শিক্ষয়িত্ৰীয়ে আঁকোৱালি ল’লে মৃত্যুক ৷ শিক্ষাৰ্থীৰ সমস্যা সমাধান কৰি কৰি নিজৰ সমস্যা সমাধান কৰিব নোৱাৰিলে শিক্ষয়িত্ৰীগৰাকীয়ে ৷ শিক্ষানুষ্ঠানত সকলোৰে প্ৰিয় বাইদেউ গৰাকীৰ বিবাহিত জীৱনত লাগিল কেণা ৷ এই কেণাই উপনীত হ’ল চৰম পৰ্যায়ত ৷

ঘটনাৰ স্থান মঙললৈৰ নিকটৱৰ্তী হাউলী মোহনপুৰ ৷ এয়া প্ৰায় এবছৰ আঠ মাহৰ আগৰ কথা ৷ ঢোল-ডগৰে জ্যোতিময় মেধি আৰু আত্মীয়-স্বজন আহিছিল মোহনপুৰৰ সুস্মিতা ডেকাৰ ঘৰলৈ ৷ সম্পূৰ্ণ সামাজিক নিয়মৰ মাজেৰে সুস্মিতাৰ শিৰত সেন্দুৰ বুলাইছিল জ্যোতিময়ে ৷ বৈবাহিক জীৱনৰ প্ৰাৰম্ভণিতে সকলো ঠিকেই আছিল ৷

দিন বাগৰিল, মাহ বাগৰিল ৷ সময় বাগৰাৰ সমান্তৰালকৈ পোহৰলৈ আহিল সুস্মিতাৰ শহুৰেকৰ ঘৰৰ মানুহৰ ৰং ৷ সুস্মিতাৰ স্বামীৰ অনুপস্থিতিত শহুৰেক কুশল মেধিয়ে সুযোগ বুজি বোৱাৰীক নিৰ্যাতন চলাব বিচাৰিছিল ৷ কিন্তু সুস্মিতাই সুযোগ নিদিয়াটোৱে কাল হ’ল তেওঁৰ বাবে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সুস্মিতা ডেকাৰ পৰিয়ালে ৷

মঙলদৈত বোৱাৰী হত্যা

লগতে পঢ়ক:ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু

ঘটনা সংঘটিত হোৱাৰ দিনটোৰ প্ৰাপ্ত তথ্য অনুসৰি, হাউলী মোহনপুৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক কুশল মেধিৰ বোৱাৰী তথা জ্যোতিময় মেধিৰ পত্নী ডাহী মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী সুস্মিতা ডেকাই দেওবাৰে পুৱা প্ৰায় 9.30 বজাত ঘৰত কাম কৰি থকাৰ সময়তে মাটিত ঢলি পৰে । লগে লগে পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়ে । কিন্তু চিকিৎসকে সুস্মিতাক মৃত ঘোষণা কৰে ।

মৃত সুস্মিতা ডেকা

এই ঘটনা পোহৰলৈ অহাৰ পিছতে প্ৰকাশ পাইছে কেতবোৰ তথ্য ৷ সেই অনুসৰি, কিছুদিন আগৰে পৰাই সুস্মিতা আক্ৰান্ত হৈছিল শ্বাস-প্ৰশ্বাসজনিত ৰোগত ৷ যাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাই থকা হৈছিল সুস্মিতাক ৷ ক্ৰমান্বয়ে সুস্থ হৈ উঠিছিল শিক্ষয়িত্ৰীগৰাকী ৷

কিন্তু আকস্মিকভাৱে 5 ছেপ্তেম্বৰৰ দিনা নিজ বাসগৃহত মৃত্যুক সাৱটি লয় সুস্মিতাই ৷ অৱশ্যে এই মৃত্যুক সহজভাৱে ল’ব পৰা নাই সুস্মিতা ডেকাৰ পিতৃ পৰিয়ালে ৷ কিয়নো পূৰ্বতে উল্লেখ কৰা অনুসৰি, বিয়াৰ পাচৰে পৰাই শহুৰেক কুশল মেধিয়ে কটু বাক্যবাণেৰে ব্যতিব্যস্ত কৰি আহিছিল ন-বোৱাৰীক ৷

লগতে পঢ়ক:কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?

সুস্মিতাৰ শহুৰেক পেচাত এগৰাকী প্ৰাক্তন শিক্ষক ৷ সমাজৰ গুৰি ধৰোতা স্বৰূপ, সমাজ সংস্কাৰক হিচাপে জন সমাজত পূজ্য এগৰাকী শিক্ষকে আন এগৰাকী শিক্ষকক কৰা মানসিক নিৰ্যাতনৰ খবৰে চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷

সুস্মিতাৰ পিতৃ পৰিয়ালৰ এজাহাৰ

ইফালে মৃত সুস্মিতাৰ দেউতাকে ইতিমধ্যে মঙলদৈ সদৰ থানাত কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰ বিচাৰিছে দাখিল কৰিছে এজাহাৰ । পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি, সুস্মিতাক পৰিকল্পিতভাৱে জ্যোতিময়ৰ পৰিয়ালে হত্যা কৰিছে ৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে পিতা-পুত্ৰক সোধপোচৰ বাবে আৰক্ষী থানালৈ নিয়ে ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ত সুস্মিতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ তদন্তৰ অন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷ ইফালে বোৱাৰীগৰাকীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰি গৈছে মঙলদৈ চহৰ ৷ সম্প্ৰতি ন্যায়ৰ আশাত পণবন্দী সুস্মিতাৰ পিতৃ পৰিয়াল ৷

লগতে পঢ়ক:ধেমাজি এনকাউন্টাৰ : আৰক্ষী অধীক্ষকে বিবৰি ক’লে ঘটনাৰ সবিশেষ

ABOUT THE AUTHOR

...view details