দৰং, ১৩ জুলাই:অহা ২০ জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানিৰ বাবে অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে ৰাজ্য চৰকাৰে আগবঢ়াইছে সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ আগবঢ়াইছে । চৰকাৰে অসমৰ ২ টা লোকসভা সমষ্টি আৰু ১০ টা বিধানসভা সমষ্টিৰ নাম সালসলনিৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ কিন্ত এই বিষয়ে জ্ঞাত নহয় সাংসদ দিলীপ শইকীয়া । বৃহস্পতিবাৰে সাংসদ দিলীপ শইকীয়াই মঙলদৈৰ পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহ মুকলি কৰিবলৈ আহি এই বিষয়ে একো নাজানে বুলি কয় সাংসদ দিলীপ শইকীয়াই ।
সমষ্টি পুনৰ গঠনৰ খচৰাত মঙলদৈ লোকসভা সমষ্টিৰ নাম দৰং কৰাৰ পিছত ভৈৰৱকুণ্ড নাম কেনেকৈ চৰ্চা হৈছে সেই বিষয়ে নাজানে সাংসদ দিলীপ শইকীয়াই । বৃহস্পতিবাৰে এই বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই কয় যে মঙলদৈ লোকসভা সমষ্টিৰ নাম ভৈৰৱকুণ্ড হোৱাৰ কথা তেওঁ প্ৰচাৰ মাধ্যমতহে লাভ কৰিছে । লগতে সাংসদগৰাকীয়ে আশা প্ৰকাশ কৰে যে প্ৰচাৰ মাধ্যমত যি কোনো কথা ওলালেও শেষত দৰঙীয়া ৰাইজৰ মনঃপুতভাৱেই লোকসভা সমষ্টিৰ নাম হ'ব ।