দৰং, 8 অক্টোবৰ :পেট্ৰ’লৰ মূল্যবৃদ্ধিক লৈ মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কৰা মন্তব্যই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে ৷ সাংবাদিকৰ আগত সাংসদ গৰাকীয়ে কয়, কংগ্ৰেছৰ দিনটো হৈছিল পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি আৰু বিজেপিৰ চৰকাৰৰ দিনটো বৃদ্ধি পাইছে পেট্ৰ’লৰ-ডিজেলৰ মূল্য । বিশ্বত বৰ্তমান অৰ্থনৈতিক মন্দাৱস্থা । ভাৰতৰ অৰ্থনীতি ভাঙি পৰিব দিয়া নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
BJP চৰকাৰে পেট্ৰ’ল, ডিজেল GST ৰ অধীনত আনিব বিচাৰিছিল যদিও একাংশই GST ৰ অধীনত আনিবলৈ বাধা প্ৰদান কৰে ৷ পেট্ৰ’ল, ডিজেল এতিয়াও GST ৰ অধীনত নাই ৷ যাৰ ফলস্বৰূপে পেট্ৰ’লৰ-ডিজেলৰ মূল্য নিয়ন্ত্ৰণত অহা নাই ৷ GST ৰ আওতাত আহিলেই পে'ট্ৰলৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত আহিব বুলি কয় দিলীপ শইকীয়াই ৷
লগতে পঢ়ক:ৰেম্প নহয়, ৰাজকন্যাৰ ঠিকনা এতিয়া কাৰাগাৰ