অসম

assam

ETV Bharat / state

2012 চনতে স্থাপন কৰা পানী যোগান আঁচনিৰ কাম আজিও সম্পূৰ্ণ নহ’ল

মঙলদৈৰ খোৱাপানীৰ সমস্যা সমাধানৰ উদ্দেশ্যে, প্ৰাক্তন বিধায়ক বসন্ত কুমাৰ দাসে মঙলদলৈ আনিছিল খোৱাপানীৰ এক বিশেষ আঁচনি । আঁচনি অনুসৰি 12 কোটি টকাৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিব মঙলদৈ বাসীক । কিন্তু আজিকোপতি এটুপাল বিশুদ্ধ খোৱাপানী নাপালে ৰাইজে ৷

By

Published : Aug 11, 2020, 6:24 PM IST

mongoldoi water supply scheme corruption
2012 চনতে স্থাপন কৰা পানী যোগান আঁচনিৰ কাম আজিও সম্পূৰ্ণ নহ’ল

দৰং,11আগষ্টঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালতে 2012 চনতে স্থাপন কৰা কৰা হৈছিল মঙলদৈত এটা বিশুদ্ধ খোৱা পানী যোগানৰ আঁচনিৰ কাম ৷ সেই সময়তে মঙলদৈ পৰা নিৰ্বাচিত হৈ মীন বিভাগৰ মন্ত্ৰী হৈ বসন্ত কুমাৰ দাসে অঞ্চলটোলৈ খোৱাপানীৰ সমস্যা সমাধানৰ উদ্দেশ্যে আৱন্টন দি আনিছিল 12 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব পানী যোগানৰ আঁচনিখন ৷

2012 চনতে স্থাপন কৰা পানী যোগান আঁচনিৰ কাম আজিও সম্পূৰ্ণ নহ’ল

পৰিতাপৰ কথা যে, সম্প্ৰতি আঠ বছৰ উকলি যোৱাৰ পিচতো আজিও সম্পূৰ্ণ নহ’ল পানী যোগান আঁচনিৰ কাম ৷ বৰ্তমান মঙলদৈৰ জনপ্ৰতিনিধি কিম্বা দিছপুৰত চৰকাৰ পৰিৱৰ্তন হ’ল ৷ তাৰ পিচতো বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ থাকিল মঙলদৈ সমষ্টিৰ একাংশ লোক ৷ ফলত বিভিন্ন দলসংগঠনৰ লগতে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ লগতে অতিশ্ৰীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়কঃ শিৱসাগৰত আছুৰ EIA-2020 ৰ প্ৰতিলিপি দাহ

ABOUT THE AUTHOR

...view details