অসম

assam

By

Published : Mar 28, 2021, 9:34 PM IST

ETV Bharat / state

মঙলদৈত হাগ্ৰামা মহিলাৰী, ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

এইবাৰ মই কংগ্ৰেছৰ লগত আছো সেই কাৰণে বসন্ত দাসক জিকাম । মঙলদৈত বসন্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷

মঙলদৈত হাগ্ৰামা মহিলাৰী, ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ
মঙলদৈত হাগ্ৰামা মহিলাৰী, ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

দৰং,28 মাৰ্চ:মঙলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী বসন্ত দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী ৷ সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে বসন্ত দাস উদ্দেশ্যি কয় যে, 2016 নিৰ্বাচনত বসন্তক দাসক মই হৰোৱাইছিলো । এইবাৰ মই কংগ্ৰেছৰ লগত আছো সেই কাৰণে বসন্ত দাসক জিকাম । লগতে হাগ্ৰামা মহিলাৰীয়ে কয় যে, মহাজোঁটৰ চৰকাৰ আহিলে বসন্ত দাস মন্ত্ৰী হ’ব ।

মঙলদৈত হাগ্ৰামা মহিলাৰী, ৰিপুন বৰাৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰায়ো কঠোৰ সমালোচনা কৰে বিজেপি চৰকাৰক । দুই মে’ৰ পিছত অসমত কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ হ’ব । ইতিমধ্যে উজনি অসমত কংগ্ৰেছে অধিক আসন লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ গৈছে। এইবাৰ কংগ্ৰেছ বিজেপিৰ নিৰ্বাচন নহয়, এয়া অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন । কংগ্ৰেছ চৰকাৰ আহিলে ‘কা' আমি ব্ৰহ্মপুত্ৰত পেলাযই দিম এয়া কংগ্ৰেছৰ গেৰান্টি । লগতে কংগ্ৰেছ চৰকাৰ আহিলে মহিলা সকলৰ মাইক্ৰ’ফাইনেঞ্চাৰ ঝণ আৰু কৃষক সকলৰ কৃষি ঝণ ৰেহাই দিব বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়কঃ প্ৰাণ খুলি হোলী গীত পৰিৱেশন কৰিলে ৰণজিত দাসে

ABOUT THE AUTHOR

...view details