অসম

assam

ETV Bharat / state

ছিপাঝাৰত অধ্যাপকৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ - ৰাজহুৱা ধন

অধ্যাপক বৈশ্যই প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ সৈতে লগ লাগি সংঘটোৰ খেলপথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত অহা 6 লাখ 48 হাজাৰ টকাৰ সিংহ ভাগ ধন ভুৱা তথ্যৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ পৰা উলিয়াই আত্মসাত কৰে ৷

অধ্যাপকৰ বিৰুদ্ধে ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ !

By

Published : May 13, 2019, 12:33 PM IST

দৰং , 13 মে': দৰং জিলাৰ ছিপাঝাৰ সমষ্টিত দুনী মহাবিদ্যালয়ৰ জনৈক বৈশ্য উপাধিৰ অধ্যাপকৰ বিৰুদ্ধে ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ উত্থাপিত হৈছে ৷ গভৰা মিলি জুলি সংঘৰ সভাপতি , এই অধ্যাপকগৰাকীয়ে নিজে নেতৃত্ব দিয়া সংঘটোৰ খেল পথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত আৱন্টন হোৱা ধন আত্মসাত কৰাৰ অভিযোগ কৰিছে একাংশ লোকে ৷

অধ্যাপকৰ বিৰুদ্ধে ৰাজহুৱা ধন লুণ্ঠনৰ অভিযোগ !

অভিযোগ অনুসৰি অধ্যাপক বৈশ্যই প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধিৰ সৈতে লগ লাগি সংঘটোৰ খেলপথাৰ উন্নয়ন আৰু দিমিলাৰ খহনীয়া প্ৰতিৰোধৰ নামত অহা 6 লাখ 48 হাজাৰ টকাৰ সিংহ ভাগ ধন ভুৱা তথ্যৰে ছিপাঝাৰ উন্নয়ন খণ্ডৰ পৰা উলিয়াই আত্মসাত কৰে ৷ ইপিনে বিজেপি নেতা কনক ডেকা, বিনোদ ডেকা আৰু কেইজনমান যুৱকে মিলি খেলপথাৰ খনৰ উন্নয়নৰ নামত অহা ধনেৰে নাম মাত্ৰ কাম কৰি 4 লাখ টকা উদৰস্থ কৰাৰ অভিযোগ গাঁওবাসীৰ ৷ নৈৰ খহনীয়া ৰোধৰ নামত কোনো কামেই সম্পূৰ্ণ নোহোৱা বুলি জানিব দিয়ে তেওঁলোকে ৷ আনহাতে অধ্যাপকগৰাকীয়ে বিধায়ক বিনন্দ শইকীয়াৰ সৈতে ঘনিষ্ঠতা থকাৰ সুযোগ লৈ ধন লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ABOUT THE AUTHOR

...view details