অসম

assam

By

Published : Sep 4, 2020, 10:26 PM IST

ETV Bharat / state

মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

শুকুৰবাৰে দুপৰীয়া ৰোগী সকলে খাদ্য বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। ৰোগী সকলে আমাক ভাল খাদ্য যোগান ধৰক, ফলমূল যোগান ধৰক বুলি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷

mogoldoi covid center protest pataiant
মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

মঙলদৈ,4 ছেপ্তেম্বৰঃ শুকুৰবাৰে মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় ক’ভিড কেয়াৰ চেণ্টাৰত নিম্নমানৰ খাদ্য যোগান ধৰাক লৈ ৰোগী সকল বহিল প্ৰতিবাদত। চৰকাৰৰ পৰা ৰোগীৰ নামত পৰ্যাপ্ত ধন অহাৰ পিছতো একাংশ মধ্যভোগী ঠিকাদাৰে যোগান ধৰি আহিছে অতি নিম্নমানৰ খাদ্য। বহুকেইদিন ধৰি চেণ্টাৰটোত নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ অহাৰ পিছতো প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা। শুকুৰবাৰে খাদ্যৰ নামত অখাদ্য দিয়াৰ পিছত খাদ্য বৰ্জন কৰে সকলো ক’ভিড ৰোগীয়ে। মাছ মাংস নহলেও কথা নাই কিন্তু খাদ্যৰ নামত অখাদ্য দিয়া মানি লোৱা নহ’ব বুলি কয় ৰোগী সকলে।

মঙলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি

ক’ভিড কেন্দ্ৰ টোত বহু দিনৰ পৰাই দীপক শৰ্মা নামৰ ঠিকাদাৰ গৰাকীয়ে যোগান ধৰি আহিছে খাদ্য। ইয়াৰ পূৰ্বেও বহু বাৰ খাদ্যৰ বিসংগতিৰ অভিযোগ আহিছিল ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে কিন্তু ইমানৰ পিছত সেইগৰাকী ঠিকাদাৰেই যোগান ধৰি আহিছে খাদ্য । সেয়ে উপায়ন্তৰ হৈ শুকুৰবাৰে দুপৰীয়া ৰোগী সকলে ললে খাদ্য বৰ্জনৰ সিদ্ধান্ত। আনকি ৰোগী সকলে আমাক ভাল খাদ্য যোগান ধৰক, ফলমূল যোগান ধৰক বুলি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে। লগতে শৌচাগাৰৰ অস্বাস্থ্যকৰ পৰিবেশৰ বাবেও অভিযোগ আনে ৰোগী সকলে ।

ইফালে দৰং জিলাত ক’ভিড-19 আক্ৰান্তৰ সংখ্যা ২৮৭৬ জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰৰ দিনটোত জিলাখনৰ ৫৮ জন লোক আক্ৰান্ত হৈছে ক'ভিড-19। এই সকলক ধৰি দৰঙত ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৮৭৬ জনলৈ বৃদ্ধি পালে। আনহাতে বৃহস্পতিবাৰ পৰ্যন্ত জিলাখনৰ পৰা ২২১১ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ 2021 ত বিজেপিয়ে অসমত 100খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব : ৰাম মাধৱ

ABOUT THE AUTHOR

...view details