অসম

assam

By

Published : Dec 14, 2020, 4:00 PM IST

ETV Bharat / state

বৰমপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলালৈ সুনাম কঢ়িয়াই অনা শিক্ষাৰ্থী সকলক অভিনন্দন আৰু সম্বৰ্ধনা জ্ঞাপন কৰে ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ বৰমপুৰ জাতীয় বিদ্যালয় আৰু শ্ৰীমন্ত শঙ্কৰদেৱ জাতীয় বিদ্যালয়লৈ বিধায়ক গৰাকীয়ে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে ৫ লাখ টকাকৈ অনুদান আগবঢ়াইছিল ৷

MLA Binanda Kumar Saikia greets the students
বৰমপুৰত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনালে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই

দৰং, 14 ডিচেম্বৰ: বৰমপুৰত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই ৷ দৰঙৰ বৰমপুৰ জাতীয় বিদ্যালয়ত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজে আয়োজন কৰিছিল কৃতী শিক্ষাৰ্থীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰং জিলালৈ সুনাম কঢ়িয়াই অনা কৃতী শিক্ষাৰ্থী সকলক অভিনন্দন আৰু সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানত ৷ বৰমপুৰ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতা, নৱম স্থানপ্ৰাপ্ত ভৃগুমোহন কুমাৰ, উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত পূবালী ডেকা আৰু বৰমপুৰ জাতীয় বিদ্যালয়ৰ পৰা ষ্টাৰ আৰু ডিষ্ট্ৰিংচন লাভ কৰা কেইবাগৰাকীও কৃতিমান শিক্ষাৰ্থীক বিদ্যালয় কৰ্তৃপক্ষই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

বৰমপুৰত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা জনালে বিধায়ক বিনন্দ কুমাৰ শইকীয়াই

ইয়াৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধৃতিৰাজ বাস্তৱ কলিতাই প্ৰথম স্থান আৰু ভৃগুমোহন কুমাৰে নৱম স্থান লাভ কৰাৰ পাছত দুয়োখন বিদ্যালয়লৈ ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে ৫ লাখ টকাকৈ অনুদান আগবঢ়াইছিল ৷ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি বিধায়ক গৰাকীয়ে বিদ্যালয় গৃহ নিৰ্মাণৰ কাম শুভাৰম্ভণী কৰে ৷ এই অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, নগাঁও জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা অৰুণ চহৰীয়া, শিশু সুৰক্ষা বিষয়া গৌতম ডেকাৰ লগতে শতাধিক ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক:15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

ABOUT THE AUTHOR

...view details