দৰং, ২৪ জুন: ৰাজ্য়জুৰি বানে সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ আতংক অব্য়াহত আছে (Flood in Assam)। এনে পৰিস্থিতিৰ মাজতে দৰং জিলাৰ ঠেকেৰাবাৰীৰ ভোকেলীমাৰাত শাকতোলা নদীৰ মথাউৰি কাটিলে দুৰ্বৃত্তই (Miscreants cut off shaktola river in Darrang) ৷
CRPF আৰু Policeৰ কটকটীয়া পহৰাৰ ব্যৱস্থা থকাৰ পিছতো দুৰ্বৃত্তই নিশা প্ৰায় ৩ বজাত কাটি দিয়ে শাকতোলা মথাউৰিটো ৷ অৱশ্য়ে স্থানীয় কছাৰীঝাৰ গাঁৱৰ ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে এই মাথাউৰিটো । উল্লেখ্য় যে বিগত ৯ দিন ধৰি শাকতোলা নদীৰ চিঙা মথাউৰিৰ অংশৰে ওলোৱা পানী মঙলদৈৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰেৰে বাগৰি আছে ।