দৰং, 15 ছেপ্তেম্বৰ :ক'ভিড-19 ৰ ত্ৰাসৰ বাবে স্থগিত হৈ ৰোৱা বিটিচি নিৰ্বাচনক লৈ এইবাৰ নিৰ্বাচন আয়োগক সাক্ষাৎ কৰিব মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷ অক্টোবৰৰ শেষত বা নৱেম্বৰৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী আয়োগক অনুৰোধ জনাব মন্ত্ৰী ৰিহন দৈমাৰীয়ে ৷ আনকি, এই সন্দৰ্ভত বিপিএফৰ বিধায়ক সকলকলৈ বৈঠক কৰিব বুলিও মন্তব্য ৰিহন দৈমাৰীৰ ৷ ওদালগুৰিত এই মন্তব্য প্ৰদান মন্ত্ৰী ৰিহণ দৈমাৰীৰ ৷ বিপিএফৰ যোগদান সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য প্ৰদান মন্ত্ৰী গৰাকীৰ ৷
আনহাতে,বিহাৰত যদি বিধানসভা নিৰ্বাচন আৰু ৰাজস্থানত যদি পঞ্চায়ত নিৰ্বাচন হ'ব পাৰে তেতিয়াহ'লে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাক লৈ প্ৰশ্নৰ উত্থাপন কৰিছে মন্ত্ৰী গৰাকীয়ে ৷