দলগাঁও, ১০ ছেপ্টেম্বৰ:এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই শনিবাৰে দৰঙত আদৰ্শ মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Foundation stone of Mangaldai Model Girls College) । জিলাখনৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত নিজ খাৰুপেটীয়াস্থিত ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ কাষত ৪২ বিঘা মাটিত তিনিটা সমষ্টি ক্ৰমে মঙলদৈ ,কলাইগাঁও আৰু দলগাঁও সমষ্টিৰ নাৰী শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হয় এই মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়খন (Mangaldai Model Girls’ College at Kharupetia) ।
অৱশ্যে ২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয় আধাৰশিলা অনুষ্ঠানৰ বেনাৰত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ ফটো নেদেখি ভাষণতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে UDF ৰ বিধায়ক মজিবৰ ৰহমানে । বিধায়কগৰাকীৰ ক্ষোভৰ পিছতেই বেনাৰত সংলগ্ন কৰা হয় মুখ্যমন্ত্ৰীৰ ফটো ।