অসম

assam

ETV Bharat / state

মঙলদৈত 10 টকাকৈ বৃদ্ধি প্ৰতি লিটাৰ গাখীৰৰ মূল্য - দুৰ্নীতি বিৰোধী যুৱ শক্তি দৰং জিলা সমিতি

বিভাগীয় কতৃপক্ষৰ কোনো ধৰণৰ অনুমোদন নোহোৱাকৈয়ে মঙলদৈ চহৰত প্ৰতি লিটাৰ গাখীৰত বৃদ্ধি পাইছে 10 টকাকৈ মূল্য ৷ এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক তথা দুৰ্নীতি বিৰোধী যুৱ শক্তি, দৰং জিলা সমিতিয়ে ৷

প্ৰতি লিটাৰ গাখীৰৰ মূল্য
প্ৰতি লিটাৰ গাখীৰৰ মূল্য

By

Published : Aug 13, 2020, 3:40 PM IST

দৰং, 13 আগষ্ট: কৰ'ণা মহামাৰী আৰু তাৰ পাচত বান পৰিস্থিতিত ৰাজ্যৰ আন প্ৰান্ত সমূহৰ লগতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে দৰং বাসীয়েও ৷ তাৰ মাজতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি উত্থাপন হৈছে মূল্যবৃদ্ধিৰ প্ৰসংগও ৷ ভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীয়ে ৰাইজক জুৰুলা কৰাৰ সমান্তৰালকৈ এইবাৰ মঙলদৈত গাখীৰৰ বৰ্ধিত মূল্যই মাধমাৰ শোধাইছে সাধাৰণ লোকক ৷

মঙলদৈত 10 টকাকৈ বৃদ্ধি প্ৰতি লিটাৰ গাখীৰৰ মূল্য

কেইদিনমান পূৰ্বে মঙলদৈ চহৰত গাখীৰৰ মূল্য আছিল 50 টকা ৷ কিন্তু শেহতীয়াকৈ এই মূল্যত পুনৰ সংযোজন কৰা হ'ল 10 টকা ৷ স্থানীয় লোক তথা দুৰ্নীতি বিৰোধী যুৱ শক্তি, দৰং জিলা সমিতিয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, বিভাগীয় কতৃপক্ষৰ কোনো ধৰণৰ অনুমোদন নোহোৱাকৈ বৃদ্ধি পাইছে গাখীৰৰ মূল্য ৷ দৰং জিলাত দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে ৷ বিভাগীয় অনুমোদন নোহোৱাকৈ কেনেকৈ গাখীৰৰ মূল্য বৃদ্ধি পালে তাকে লৈ হতচকিত ৰাইজে এই ক্ষেত্ৰত সম্প্ৰতি বিচাৰিছে তদন্ত ৷

লগতে পঢ়ক:মৰিগাঁৱৰ কৃষকৰ উদ্ভাৱন ইন্ধনবিহীন ভূঁই ৰোৱা যন্ত্ৰ

ABOUT THE AUTHOR

...view details