দৰং, 9 জানুৱাৰীঃ পৰিভ্ৰমী পক্ষীৰ কাকলিৰে মুখৰিত দৰঙৰ পদ পুখুৰী ৷ নৱম শতিকাত ৰজা বিক্ৰমাদিত্য শীলে খনন কৰা দৰঙৰ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীলৈ আগমন ঘটে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ যাৰ বাবে দৰঙৰ পদ পুখুৰীৰ লগতে ইচকাৰ পুখুৰী, বুঢ়ী নগৰ পুখুৰী, ৰইনাপিত পুখুৰীত বিৰাজ কৰিছে এক দৃষ্টি নন্দন পৰিৱেশ ।
এজাক পৰিভ্ৰমী পক্ষীৰ নিৰাপত্তা প্ৰদান দৰঙবাসীৰ - migratory bird at darrang
শীতৰ আগমনৰ লগে লগে দেশী বিদেশী পক্ষীৰ আগমন ঘটে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ দৰঙৰ ঐতিহাসিক কুমাৰপাৰা পদ পুখুৰীলৈ আগমন ঘটে দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ ৷ যাৰ ফলত পুখুৰীত বিৰাজ কৰিছে এক দৃষ্টি নন্দন পৰিৱেশ ৷
![এজাক পৰিভ্ৰমী পক্ষীৰ নিৰাপত্তা প্ৰদান দৰঙবাসীৰ দৰং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5651176-thumbnail-3x2-ddmd.jpg)
এই পৰিভ্ৰমী পক্ষীৰ কোলাহলত পুৱা সাৰ পাই উঠে চুবুৰীয়া ৰাইজ ৷ বিশেষকৈ কনামুচুৰী, পানী কাউৰী, শৰালীহাঁহ, ঘিলাহাঁহ,বৰটোকোলা, শামুকভাঙা আদিৰ লগতে বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হৈ পৰিছে ৰজাদিনীয়া পুখুৰীসমূহ ৷ এই পক্ষীসমূহৰ খাদ্য যোগান ধৰাৰ উপৰিও চিকিৎসা সেৱাৰ লগতে চিকাৰীৰ পৰা নিৰাপত্তা প্ৰদান কৰে স্থানীয় ৰাইজে ৷ আনহাতে, স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজৰ চৰকাৰলৈ আহ্বান দৰঙৰ এই ঐতিহাসিক পুখুৰীসমূহক চৰকাৰে পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলি পৰিভ্ৰমী পক্ষীৰ আশ্ৰয়স্থল হিচাবে নিয়োজিত কৰাৰ ব্যৱস্থা কৰক ৷
আৰু পঢ়কঃ আৰ্চাৰী অনুশীলনৰ সময়ত শৰবিদ্ধ এগৰাকী 12 বছৰীয়া খেলুৱৈ