অসম

assam

মাইক্ৰ’ফাইনেঞ্চক লৈ ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক চৰ্চা

২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । মঙলদৈত ঋণ দান সমবায় সমিতি নামৰ ক্ষুদ্ৰ বেংকৰ কেলেংকাৰী । ব্যাপক ঋণগ্ৰস্ত মহিলাই ৰাজ্যত স্বাক্ষৰ সংগ্ৰহ অভিযান ৰাজ্যত আৰম্ভ কৰিব বুলি মন্তব্য কৰে ৷

By

Published : Jun 27, 2021, 9:07 PM IST

Published : Jun 27, 2021, 9:07 PM IST

problems of microfinance
মাইক্ৰ’ফাইনেঞ্চ কলৈ ৰাজ্যত সৰ্বত্ৰে ব্যাপক চৰ্চা

নিউজ ডেস্ক, 27 জুন : বৰ্তমান ৰাজ্যত এটা বহু চৰ্চিত বিষয় হৈ পৰিছে মাইক্ৰ’ফাইনেন্সৰ ঋণ ৷ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মহিলাসকলৰ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ মাফ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । যাৰ বাবে ৰাজ্যৰ মহিলাসকলে বিজেপি চৰকাৰক ভোট প্ৰদান কৰি ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰে ।

কিন্তু ৰাজ্যৰ মহিলাসকলক ঋণ ৰেহাই দিয়া হ’ব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰত এতিয়া কাণসাৰ নাই মুখ্যমন্ত্ৰীৰ । যাৰ বাবে এতিয়া সমগ্ৰ ৰাজ্যৰ মহিলাসকলে চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে । ৰাজ্যখনৰ ভিন্ন প্ৰান্তত এতিয়া এটাৰ পাচত আনটো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ৷ মাইক্ৰ’ফাইনেন্সৰ ঋণ (micro finance loan) সন্দৰ্ভত কিছুদিন পূৰ্বে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰিছিল মন্ত্ৰী অশোক সিংঘালে (Ashok Singhal) ৷

এই সংবাদমেলযোগে কোনে কোনে মাইক্ৰ’ফাইনেন্সৰ ঋণত ৰেহাই লাভ কৰিব, সেই সন্দৰ্ভত মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(Himanta biswa sarma)ই প্ৰথম কেবিনেটতে মাইক্ৰ’ফাইনেঞ্চ ঋণক লৈ সমিতি গঠন কৰি দিয়া বুলি মন্তব্য কৰিছিল মন্ত্ৰী সিংঘালে ৷ সিংঘালে কয় যে, সমিতি গঠনৰ পাচত 3 বাৰ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অংশীদাৰসকলৰ (stakeholder) সৈতে ঋণ সম্পৰ্কে আলোচনা কৰা হৈছিল ৷

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি মাইক্ৰ’ফাইনেঞ্চৰ ঋণ লোৱাৰ পূৰ্বে বহু পৰিয়াল কষ্টত আছিল ৷ দুখীয়া পৰিয়ালক সহায় কৰাৰ বাবে চৰকাৰে কাৰ্যকৰী কৰিছিল আছাম মাইক্ৰ’ ফাইনেঞ্চ এক্ট (Assam Micro Finance Act) ৷ ৰাজ্যত সম্প্ৰতি 33 টা মাইক্ৰ’ ফাইনেঞ্চ প্ৰতিষ্ঠান, 3 টা বেংক আৰু 4 টা ক্ষুদ্ৰ বেংক আছে ৷ যেতিয়াই ৰিজাৰ্ভ বেংকৰ নিয়ম অমান্য হ’ব, তেতিয়াই চৰকাৰে হস্তক্ষেপ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

মাইক্ৰ’ফাইনেঞ্চ : মঙলদৈত ধন ঘূৰাবলৈ সক্ষম হোৱা নাই বেংক কর্তৃপক্ষ

মাইক্ৰ’ফাইনেঞ্চৰ বিষয়ক লৈ ৰাজ্যত সৰ্বত্ৰে ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে মঙলদৈত পোহৰলৈ আহিছে শিমাসা সঞ্চয় আৰু ঋণদান সমবায় সমিতি নামৰ ক্ষুদ্ৰ বেংকৰ কেলেংকাৰী । জমা ধন বিচাৰি হাহাকাৰ হৈ পৰিছে হাজাৰৰো অধিক অংশীদাৰ । এতিয়া আইনী ব্যৱস্থা ল’বলৈ প্ৰস্তুতি কৰিছে ভুক্তভোগী অংশীদাৰসকলে । উল্লেখযোগ্য যে, 2006 চনতে মঙলদৈৰ ব্যৱসায়ীসকলৰ সুবিধা হোৱাকৈ এটা ক্ষুদ্ৰ সঞ্চয় বেংক খুলিছিল ।

এই বেংকটোৰ জৰিয়তে ব্যৱসায়ীসকলৰ টকা জমা থোৱা আৰু ঋণদান দিয়াৰ ব্যৱস্থা হৈছিল । কিন্তু বিগত দুটা বছৰ ধৰি বেংকটোত যথেষ্ঠ খেলি-মেলিৰ সৃষ্টি হয় । বিশেষকৈ দুগৰাকী এজেণ্ট ক্ৰমে দিলীপ কুমাৰ চেত্ৰী ওৰফে লাল আৰু প্ৰমোদ ডেকাই টকা সংগ্ৰহ কৰি কোনো হিচাপ নিদিয়াত এতিয়া জমা ধন ঘূৰাবলৈ সক্ষম হোৱা নাই বেংক কর্তৃপক্ষ । এফালে কৰ'ণা মহামাৰীৰ বাবে ৰাজ্যত চলি থকা আংশিক লক ডাউনে ব্যৱসায়ীসকলক জুৰুলা কৰাৰ পিছত সঞ্চয়ৰ ধনখিনিও ঘূৰাই পোৱাৰ আশা নেদেখি সমস্যাত পৰিছে সাধাৰণ ৰাইজ ৷

চামগুৰিত ঋণগ্ৰস্ত মহিলাৰ গণস্বাক্ষৰ অভিযান :

মাইক্ৰ'ফাইনেঞ্চৰ ঋণগ্ৰস্ত মহিলাই আৰম্ভ কৰিব গণস্বাক্ষৰ অভিযান । সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে শুভ্ৰজ্যোতি বৰ্ধন আৰু অৰূপ কুমাৰ মহন্তই বিগত 23 জুনত ৰাজ্য চৰকাৰৰ কেবিনেটত মাইক্ৰ'ফাইনেঞ্চৰ ক্ষুদ্ৰ ঋণ ৰেহাই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বিপৰীতে ৰেজ্যু'লেচন লৈছে বুলি অসম চৰকাৰৰ মুখপাত্ৰ তথা জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰকাশ কৰা মন্তব্যত আশ্চৰ্য প্ৰকাশ কৰে । ঋণ ৰেহাই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটি বৰ্গৰ ঋণগ্ৰস্ত মহিলাৰ ঋণ এনপিএ হ'ব বুলি কোৱাৰ বিপৰীতে সন্থাই কোনো মহিলাৰ একাউণ্ট কোনো কাৰণতেই এনপিএ যাতে হ'ব নোৱাৰে সেয়া চৰকাৰে নিশ্চিত কৰিব লাগে বুলি দাবী জনায় । লগতে নেতাদ্বয়ে কয় যে, 12 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিবেশনত বিষয়টো চৰ্চা হোৱাৰ অৰ্থে ব্যাপক ঋণগ্ৰস্ত মহিলাই ৰাজ্যত স্বাক্ষৰ সংগ্ৰহ অভিযান ৰাজ্যত আৰম্ভ কৰাৰ লগতে মহাজোঁটৰ বিধায়কসকলক, বিৰোধী দলপতি আৰু বিধানসভাৰ অধ্যক্ষলৈ গণ স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক:লোকসেৱা কেলেংকাৰী: ২৫ এপিএছ-এচিএছ বিষয়াৰ বহীত বিসংগতি

ABOUT THE AUTHOR

...view details