দৰং, ২৮ মাৰ্চ : মহিলা প্ৰিমিয়াৰ লীগ সমাপ্ত হোৱাৰ পাচতে স্বগৃহত উপস্থিত ক্ৰিকেটাৰ জিণ্টিমণি কলিতা (MI player Jintimoni Kalita arrived at home)। WPLৰ বিজয়ী দল মুম্বাই ইণ্ডিয়ানছৰ অন্যতম খেলুৱৈ আছিল দৰং জিলাৰ জিণ্টিমণি কলিতা । মুম্বাইৰ পৰা আহি জিণ্টিমণি অসমত উপস্থিত হোৱাৰ লগে লগে বিভিন্নজনে সম্বৰ্ধনা জনালে খেলুৱৈগৰাকীক । ইফালে সংবাদমাধ্যমৰ আগত প্ৰতিযোগিতাৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে ক'লে খেলুৱৈগৰাকীয়ে (Jintimoni Kalita shares WPL experiences)।
উল্লেখ্য যে, শেহতীয়াকৈ সমাপ্ত হৈছে মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম সংস্কৰণ । প্ৰথমটো সংস্কৰণত দিল্লী কেপিটেলছক পৰাস্ত কৰি বিজয়ৰ খিতাপ দখল কৰিছে মুম্বাই ইণ্ডিয়ানছ দলটোৱে । বিজয়ী দলটোত আছিল অসম কন্যা জিণ্টিমণি কলিতা । ইফালে প্ৰতিযোগিতাখনৰ বিভিন্ন মুহূৰ্তত জিণ্টিমণিয়ে বিশেষ স্থান লাভ কৰিছে । দলটোৰ আন আন খেলুৱৈৰ সৈতে কৰা ধেমালি আৰু বিভিন্ন মুহূৰ্তৰ ভিডিঅ' সামাজিক মাধ্যমত ব্যাপক সঁহাৰি লাভ কৰিছে (Mumbai Indians player Jintimoni Kalita)।
প্ৰতিযোগিতাত জিণ্টিমণিৰ পাৰদৰ্শিতাও প্ৰশংসনীয় আছিল । ইতিমধ্যে দলৰ বাকী খেলুৱৈ লগতে দলটোৰ স্বত্বাধিকাৰী নীতা আম্বানিয়ে উন্নত প্ৰদৰ্শনৰ বাবে বিশেষ উপহাৰো দিছে জিণ্টিমণিক । আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰিকেটৰ জৰিয়তে বিশেষ স্থান লাভ কৰা জিণ্টিমণি আহি ঘৰত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে ।