ছিপাঝাৰ, 27 জুনঃ দৰং জিলাৰ ছিপাঝাৰত এজন যুৱকে আত্মহত্যা কৰিব বিচৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিয়নো ইমৰাণ হুচেইন নামৰ যুৱকজনে আৰক্ষীয়ে দিয়া মানসিক চাপৰ বাবেই আত্মহত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷
অভিযোগ অনুসৰি ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰ কলিতাই যুৱকজনক মানসিক অত্যাচাৰ কৰিছিল ৷ ছিপাঝাৰ থানাৰ অন্তৰ্গত গনেশ কুৱৰীৰ 2 নং মাজৰ গাওঁৰ ইমৰাণ হুচেইনৰ বিৰুদ্ধে স্থানীয় আফতাজুলৰ পৰিয়ালে দিয়া এক গোচৰৰ ভিত্তিত তদন্তৰ বাবে ঘৰত গৈ ছিপাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে পৰিয়ালৰ লোকক দাবী ধমকি দিয়াৰ লগতে অশ্লীল গালি গালাজ কৰে ৷ ইয়াৰ উপৰিও দিনে নিশাই ফোন কৰি দাবী ধমকি দিয়াৰ লগতে ধন দাবী কৰে ৷ উপায়ন্তৰ হৈ যুৱকজনে আত্মহত্যাৰ চেষ্টা চলাবলগীয়া হয় ৷ এই অভিযোগ পৰিয়ালৰ লোকৰ ৷