অসম

assam

ETV Bharat / state

জনজাতিকৰণ অবিহনে অৰ্থহীন স্বায়ত্ব শাসনঃ আক্ৰাছু(অ)

জনগোষ্ঠীটোৰ জনজাতিকৰণ অবিহনে প্ৰদান কৰা স্বায়ত্ব শাসনৰ কোনো অৰ্থ থাকিব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে। সংবাদমেলত সংগঠনটোৱে ৰাজ্য তথা কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যদি কোঁচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি নিম্নতম সন্মান তথা শ্ৰদ্ধা আছে তেনেহ'লে অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি উচিত সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ৷

Meaningless autonomy without nationalization
জনজাতিকৰণ অবিহনে অৰ্থহীন স্বায়ত্ব শাসনঃ আক্ৰাছু(অ)

By

Published : Aug 25, 2020, 9:22 PM IST

দৰং, 25আগষ্টঃ 2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্য চৰকাৰৰ প্ৰতি সৰৱ হ'ল সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা(অ) ৷ মঙলবাৰে ওদালগুৰি জিলাৰ ৰৌতাস্থিত আক্ৰাছুৰ (অতুন বৰ্মন গোটৰ) কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰি কেৱল ধুবুৰী আৰু অবিভক্ত গোৱালপাৰা জিলাক লৈ কোঁচ ৰাজবংশী স্বায়ত্ব শাসিত পৰিষদ গঠন কৰিবলৈ লোৱা কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

জনজাতিকৰণ অবিহনে অৰ্থহীন স্বায়ত্ব শাসনঃ আক্ৰাছু(অ)

সংবাদমাধ্যমৰ জৰিয়তে জনগোষ্ঠীটোৰ জনজাতিকৰণ অবিহনে প্ৰদান কৰা স্বায়ত্ব শাসনৰ কোনো অৰ্থ থাকিব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে । সংবাদমেলত সংগঠনটোৱে ৰাজ্য তথা কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যদি কোঁচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি নিম্নতম সন্মান তথা শ্ৰদ্ধা আছে তেনেহ'লে অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ কোঁচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি উচিত সন্মান প্ৰদৰ্শন কৰিবলৈ দাবী জনায় । অন্যথা দাবী পূৰণ নকৰিলে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোকে আগন্তুক 2021 ৰ বিধানসভা নিৰ্বাচনত দিব বুলি কঠোৰ সকীয়নি দিয়ে আক্ৰাছু(অ)ৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে ৷

ইপিনে, সংবাদমেলত উপস্থিত থাকি আক্ৰাছু(অ)ৰ মুখ্য উপদেষ্টা সমীৰণ সিংহইও অতি শীঘ্ৰে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক দাবী জনায়৷তদুপৰি কোঁচ ৰাজবংশী জনগোষ্ঠীক ভাগ ভাগ কৰি ৰাজনৈতিক মুনাফা আদায়ৰ চিন্তা পৰিহাৰ কৰিবলৈ চৰকাৰক কঠোৰ সকীয়নিও প্ৰদান কৰে ৷

লগতে পঢ়কঃবেগমজানৰ সম্প্ৰচাৰ বন্ধৰ নিৰ্দেশ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details