দৰং, 13 এপ্ৰিল :পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক ৷ এইবাৰ অসম আৰক্ষীৰ গুলী ফুটিল ছিপাঝাৰত (Police encounter at Sipajhar) ৷ আৰক্ষীৰ গুলীত ধৰাশায়ী হয় এটা দুৰ্ধৰ্ষ ডকাইত ৷ মৃত ডকাইতটোৰ নাম তাইজুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে ৷
আৰক্ষীয়ে সদৰী কৰা অনুসৰি, মঙলবাৰে আটক কৰা হৈছিল অভিযুক্ত তাইজুদ্দিন আহমেদক ৷ ঘটনাৰ তদন্তৰ খাতিৰত পল্টন বজাৰ আৰক্ষীয়ে তাইজুদ্দিনৰ বাসগৃহত চলাইছিল এক অভিযান ৷ এই অভিযানত আৰক্ষীয়ে তাইজুদ্দিনৰ বাসগৃহত বৃহৎ 68,000 টকা জব্দ কৰিবলৈ সক্ষম হয় ৷
তাৰ পাচত আৰক্ষীৰ দলটোৱে অভিযুক্ত তাইজুদ্দিন আহমেদক লগত লৈ সেই স্থানৰ পৰা প্ৰস্থান কৰে ৷
কিছু সময়ৰ পাচত মাজ ৰাস্তাতে অভিযুক্ত তাইজুদ্দিন আহমেদে আৰু কিছু ধন লুকুৱাই ৰখাৰ কথা আৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ দলটোৱেও অভিযুক্ত তাইজুদ্দিন আহমেদে উল্লেখ কৰা স্থান লৈ যায় ৷ তাৰ পাচত আৰক্ষীয়ে লুকুৱাই ৰখা ধনসমূহ উলিয়াই দিবলৈ আদেশ দিছিল তাইজুদ্দিনক ৷
আৰক্ষীৰ গুলীত নিহত ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড কিন্তু সেই স্থানৰ পৰা ধনৰ সলনি অভিযুক্ত তাইজুদ্দিন আহমেদে উলিয়াই এটা বন্দুক আৰু আৰক্ষীৰ ওপৰত গুলী চলাবলৈ উদ্যত হয় ৷ ফলত আৰক্ষীয়ে পৰিৰক্ষাৰ স্বাৰ্থত দুই জাঁই গুলীৰে প্ৰত্যুত্তৰ দিয়ে আহমেদক (Police encounter in Darang) ৷ আৰক্ষীৰ গুলীত ধৰাশায়ী হয় দুৰ্ধৰ্ষ ডকাইতটো ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আহত তাইজুদ্দিনক ৷ কিন্তু মঙলদৈ চিকিৎসালয়তে মৃত্যু ঘটে ডকাইতটোৰ ৷ উল্লেখ্য যে, গুৱাহাটীৰ ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল ছিপাঝাৰৰ সানোৱাতাৰী নিবাসী নিহত ডকাইত তাইজুদ্দিনৰ ৷
লগতে পঢ়ক :Encounter in Nalbari : দৌলাশাল আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত দিলবাৰ আলী