দলগাঁও, 26 জুন: বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে চোকাজানী নৈৰ পানী ৷ চোকাজানী নৈৰ পানীয়ে সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱত ৷ দলগাঁৱৰ কোনাকাটাপাৰা, আৰিমাৰি, ধৰণীপুৰ আদিকে ধৰি বহুকেইটা অঞ্চল জলমগ্ন কৰিছে চোকাজানী নৈৰ বানে ৷
চোকাজানী নৈৰ বানে বুৰাইছে দলগাঁও সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল - চোকাজানী নৈৰ বানে বিধ্বস্ত কৰিছে দলগাঁও সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল
দলগাঁৱৰ কোনাকাটাপাৰা, আৰিমাৰি, ধৰনীপুৰ আদিকে ধৰি বহুকেইটা অঞ্চল জলমগ্ন কৰিছে চোকাজানী নৈৰ বানে ৷ ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক তথা স্থানীয় ৰাইজ ৷
massive devastation by sukajani river's flood in dalgaon
ইয়াৰ ফলত স্থানীয় লোকসকলৰ খেতি, ঘৰ আদি বিধ্বস্ত হোৱাৰ লগতে, কোনাকাটাপাৰা-আৰিমাৰী সংযোগী পথ চিগি নিয়াৰ বাবে সম্প্ৰতি, যাতায়াত ব্যাহত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চলৰ লোকৰ মাজত ৷ বানৰ ফলত স্তব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ স্বাভাৱিক জীৱন যাত্ৰা ৷ ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক তথা স্থানীয় ৰাইজ ৷