দলগাঁও, 30 জানুৱাৰী : মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ বৰগঢ়া চাহ বাগিচাত আয়োজন কৰা হয় খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ৷ অসম চাহ মজদুৰ সংঘ ঢেকিয়াজুলিৰ বৰচলা শাখাৰ উদ্যোগত উলহ- মালহেৰে পালন কৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৩৪ খন চাহ বাগিছাৰ শ্ৰমিক, ছাত্ৰ-ছাত্ৰীৰ লগতে সাংস্কৃতিক দলে ৷ অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা অহা সাংস্কৃতিক দলে বিভিন্ন গীত-নৃত্য পৰিৱেশন কৰাৰ লগতে শিক্ষা-দীক্ষা, খেল ধেমালি আৰু স্বচ্ছতা ৰক্ষা কৰা বাগিচাসমূহক পুৰস্কৃত কৰা হয় ৷
বিভিন্ন কাৰ্যসূচীৰে দৰঙত মহাত্মা গান্ধীৰ মৃত্যু দিৱস উদযাপন - মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ আয়োজন
দৰঙৰ বৰগঢ়া চাহ বাগিছাত আয়োজন কৰা হয় মহাত্মা গান্ধীৰ মৃত্যু দিৱস ৷ এই উপলক্ষ্যে খেল-ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
দৰঙত মহাত্মা গান্ধীৰ মৃত্যু দিৱস উদযাপন
উল্লেখযোগ্য যে, চাহ শ্ৰমিকসকলৰ উন্নয়ন তথা ছাত্ৰ-ছাত্ৰী সকলক শিক্ষা-দীক্ষা, খেল ধেমালিকে আদি কৰি সকলো দিশতে উৎসাহিত কৰাৰ লক্ষ্যৰে বিগত ২০ বছৰ ধৰি অসম চাহ মজদুৰ সংঘই এই কাৰ্যসূচী বিভিন্ন চাহ বাগিচাৰ লগতে এই বছৰ দৰঙৰ বৰগঢ়া চাহ বাগিছাত পালন কৰে ৷
আৰু পঢ়ক : বৰপেটাৰ বাঘবৰত জালনোটসহ গ্ৰেপ্তাৰ তিনি গৰু ব্যৱসায়ী