দৰং,28 জানুৱাৰীঃ ঐতিহাসিক পথৰুঘাটৰ ৰণৰ 126 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰক্ষিতত মঙলবাৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ বিৰুদ্ধে কৰা প্ৰতিবাদত ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত হিন্দু-মুছলমানকে ধৰি ১৪০জন নিৰীহ কৃষকক হত্যা কৰা হৈছিল । কৃষিভূমিৰ খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিয়াৰ প্ৰতিবাদ কৰিবলৈ লওঁতে ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল । পথৰুঘাটৰ কৃষক ৰণ হিচাপে এই ঠাই আজিও চিহ্নিত ৷ সেয়ে এই দিনটোত প্ৰতি বছৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷
126 বছৰীয়া পথৰুঘাটৰ শ্বহীদক সুঁৱৰি শ্বহীদ দিৱস পালন
পথৰুঘাটৰ ৰণৰ 126 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰক্ষিতত মঙলবাৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷ কৃষিভূমিৰ খাজনা বৃদ্ধিৰ জৰিয়তে দৰঙীয়া কৃষকক মাধমাৰ দিয়াৰ প্ৰতিবাদ কৰিবলৈ লওঁতে ব্ৰিটিছৰ ভেৰোণীয়া সেনাই কৃষকসকলক হত্যা কৰিছিল । পথৰুঘাটৰ কৃষক ৰণ হিচাপে এই ঠাই আজিও চিহ্নিত ৷ সেয়ে এই দিনটোত প্ৰতি বছৰে পালন কৰা হয় কৃষক শ্বহীদ দিৱস ৷
শ্বহীদ দিৱস পালন
পৰিতাপৰ বিষয়,এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত । চৰম ত্যাগ আৰু আত্মবলিদানৰ তেজেৰে ধোৱা ইতিহাসক পাহৰিলে স্বাধীন ভাৰতৰ চৰকাৰে ৷ পঞ্জাৱৰ জালিৱানাবালাবাগৰ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহতকৈ অধিক গুৰুত্বপূৰ্ণ আছিল পথৰুঘাটৰ ৰণ ৷ কিন্ত আজিকোপতি চৰকাৰৰ টোকাবহীত খোদিত নহ’ল এই নাম ৷ প্ৰচাৰৰ অভাৱত নৱপ্ৰজন্মৰ বাবে হয়তো এটা সময়ত পথৰুঘাটৰ ৰণ অচিনাকী হৈ ৰব ৷
লগতে চাওকঃমাজুলীত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মান অংগনবাদী কেন্দ্ৰঃ দেশজুৰি চৰ্চা