বহিঃৰাজ্যৰ পৰা ঘৰমুখী শ শ লোকঃ মাজবাটতে দৰং প্ৰশাসনৰ কৰ'ণা পৰীক্ষণ - দৰং প্ৰশাসনৰ কৰ'ণা পৰীক্ষণ
সাংবাদিকৰ দল আৰু আৰক্ষীৰ সহযোগত কিছুসংখ্যক গাড়ী ৰখাই একাংশ লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত প্রাথমিক পৰীক্ষা কৰে । জানিব পৰা মতে,এই লোকসকলৰ বেছি সংখ্যকে ৰঙিয়া ৰে'ল ষ্টেচনেৰে যাতায়াত কৰা লোক ।
![বহিঃৰাজ্যৰ পৰা ঘৰমুখী শ শ লোকঃ মাজবাটতে দৰং প্ৰশাসনৰ কৰ'ণা পৰীক্ষণ দৰং প্ৰশাসনৰ কৰ'ণা পৰীক্ষণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6510281-615-6510281-1584924829888.jpg)
দৰং, 23 মাৰ্চ : কৰ'ণা ভাইৰাছৰ ফলত বহিঃৰাজ্যৰ পৰা ক্ৰমাৎ গৃহমুখী হৈছে বহু লোক ৷ দেওবাৰে বহিঃৰাজ্যৰ পৰা অহা বহু সংখ্যক লোকক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে মঙলদৈ হৈ যাতায়াত কৰা প্ৰত্যক্ষ কৰে স্থানীয় প্ৰশাসনে ৷ ফলত সজাগতাৰ বাবে চহৰখনৰ সাংবাদিকৰ দলে আৰু আৰক্ষীৰ সহযোগত কিছু সংখ্যক গাড়ী ৰখাই একাংশ লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত প্রাথমিক পৰীক্ষা কৰে । জানিব পৰা মতে, এই লোকসকলৰ বেছি সংখ্যকে ৰঙিয়া ৰে'ল ষ্টেচনেৰে যাতায়ত কৰা লোক । বহিঃৰাজ্যত কৰ্মৰত লোক গৃহমুখী হোৱাৰ লগে লগে শংকা বাঢ়িছে স্থানীয় লোকৰ ৷ সেয়ে সজাগতাৰ বাবে মাজপথতে গাড়ী ৰখাই প্ৰায় ৫০০ ৰো অধিক লোকৰ প্রাথমিক পৰীক্ষণ কৰা হয় ৷