অসম

assam

By

Published : Mar 10, 2020, 8:34 AM IST

Updated : Mar 10, 2020, 10:55 AM IST

ETV Bharat / state

দৰঙত গৰকাপ্তানী বিভাগৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

২০১৮/১৯ বৰ্ষৰ SOPD শিতানৰ মংগলদৈ-মাজিকুছি পথৰ পৰা হাড়পোতালৈ যোৱা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ ৷ ঠিকাদাৰ হৰেকৃষ্ণ নাথৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ ৰাইজৰ ৷

ব্যাপক অনিয়ম
ব্যাপক অনিয়ম

দৰং,10 মাৰ্চঃ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ কলাইগাঁও সমষ্টিৰ একাংশ লোকৰ ৷ দৰং জিলাৰ কলাইগাঁও সমষ্টিৰ মংগলদৈ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনত ২০১৮/১৯ বৰ্ষৰ SOPD শিতানৰ মংগলদৈ-মাজিকুছি পথৰ পৰা হাড়পোতালৈ যোৱা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় লোকৰ ৷ অতি নিম্নমানৰ কাম কৰি পথ নিৰ্মাণ আঁচনিৰ ধন লুন্ঠনৰ চেষ্টাৰ অভিযোগ পথটোৰ কামৰ দায়িত্ব পোৱা ঠিকাদাৰ হৰেকৃষ্ণ নাথৰ বিৰুদ্ধে ৷ এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে বহু সময়ক বিভিন্ন অনিয়মৰ অভিযোগ গৰকাপ্তানী বিভাগক অৱগত কৰা সত্বেও আজিলৈ কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই ৷

দৰঙত গৰকাপ্তানি বিভাগৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ
Last Updated : Mar 10, 2020, 10:55 AM IST

ABOUT THE AUTHOR

...view details