অসম

assam

ETV Bharat / state

বিশ্ব বৰেণ্য শিল্পীৰ ছবি অংকণ কৰি প্ৰশংসা বুটলিছে মংগলদৈৰ জিতুমণি চহৰীয়াই - Pyrography

প্ৰাথমিক বিদ্যালয়ত আম, অমিতা অঁকাৰ বাহিৰে কাহানিও ছবি আঁকি নোপোৱা মংগলদৈৰ জিতুমণি চহৰীয়া নামৰ যুৱকজনে প্ৰশংসা বুটলিছে অঞ্চলবাসীৰ পৰা ৷ ছোলদাৰিং কৰা আইৰণ ডালেৰে কাঠত এখনৰ পিছত এখন বিশ্ব বৰেণ্য শিল্পীৰ ছবি অংকণ কৰি সমাদৰ লাভ কৰিছে যুৱকজনে ৷

মংগলদৈ
বিশ্ব বৰেণ্য শিল্পীৰ ছবি অংকণ কৰি প্ৰশংসা বুটলিছে মংগলদৈৰ জিতুমণি চহৰীয়া

By

Published : Mar 14, 2020, 6:10 PM IST

মংগলদৈ, 14 মাৰ্চঃমংগলদৈ শংকৰ নগৰ নিবাসী জিতুমণি চহৰীয়া পেছাত এগৰাকী কম্পিউটাৰ শিক্ষক ৷ প্ৰাথমিক বিদ্যালয়ত আম, অমিতা অঁকাৰ বাহিৰে কাহানিও ছবি আঁকি পোৱা নাছিল জিতুমণি চহৰীয়াই ৷ কিন্তু হঠাৎ নিজকে শিল্পী হিচাবে আবিষ্কাৰ কৰিলে পাছমাহ মান আগতে ৷ টিভি, ৰেডিঅ' ছোলদাৰিং কৰা আইৰণ ডালেৰে কাঠত অংকণ কৰি গ'ল এখনৰ পিছত এখন বিশ্ব বৰেণ্য শিল্পীৰ ছবি ৷ যুৱকজনে অঁকা ছবিবোৰ ইমানেই নিখুঁত যে তাক প্ৰত্যক্ষ কৰিলে লাগে, কোনো গ্লেমাৰ শিল্পীয়ে অংকণ কৰিছে ছবিবোৰ ৷

বিশ্ব বৰেণ্য শিল্পীৰ ছবি অংকণ কৰি প্ৰশংসা বুটলিছে মংগলদৈৰ জিতুমণি চহৰীয়া

কাহানিও সুকুমাৰ কলাৰ প্ৰতি আগ্ৰহ নথকা বা চর্চা নকৰা যুৱকজনে কেনেকৈ হঠাৎ নিখুঁত কৈ অংকন কৰিলে মহাপুৰুষ শঙ্কৰদেৱ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, লতা মংগেছকাৰ, ভূপেন হাজৰিকা , সৰ্বপল্লী ৰাধাকৃষ্ণণ, চাৰ্লিচাপলিন লগতে আন বহুতো ব্যক্তিৰ ছবি ৷ লগতে কেইবাখনো 3ডি ছবিও অংকণ কৰিলে যুৱকজনে ৷ Youtube ত বিচাৰি নিজৰ প্ৰতিভাক এনেদৰে বিকশিত কৰাৰ লগতে নিজৰ অন্য এক প্ৰতিভা জুখি চাবলৈ সক্ষম হয় এইগৰাকী যুৱকে ৷

বিশ্ব বৰেণ্য শিল্পীৰ ছবি অংকণ কৰি প্ৰশংসা বুটলিছে মংগলদৈৰ জিতুমণি চহৰীয়া

উল্লেখ্য যে, গৰম বেজিৰে কৰা এনে শিল্প কৰ্মক Pyrography কলা বুলি কোৱা হয় ৷ Youtubeৰ পৰাই যথেষ্ট খিনি কায়দা কিটিপ শিকি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে যুৱকজন ৷ আনহাতে, এই শিল্পৰ পৰা উৎসাহিত হৈ ব্যৱসাহিক দিশত আগবঢ়োৱাৰ হেঁপাহ থকা বুলি উল্লেখ কৰে জিতুমণি চহৰীয়াই ৷

আৰু পঢ়কঃ সংগঠনৰ শক্তি বুজিবলৈ বিজেপিয়ে অকলে খেলিব বি টি চি নিৰ্বাচন

For All Latest Updates

ABOUT THE AUTHOR

...view details