মঙলদৈ, 15 মে': দেশজুৰি চলি আছে তৃতীয় পৰ্যায়ৰ লক ডাউন ৷এই সময়ত চৰকাৰে সামাজিক দূৰত্ব বজায় ৰখাৰ বাবে ৰাইজক আহ্বান জনোৱাৰ সময়তে মঙলদৈত দেখা পোৱা গৈছে বিপৰীত ছবি ৷তাকে লৈ সৰৱ হৈ পৰিছে মঙলদৈৰ আৰক্ষী প্ৰশাসন ৷আজি লক ডাউন উলংঘা কাৰীৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীয়ে অভিযান চলায় ৷ অভিযানকালত লকডাউন উলংঘা কৰা লোকক জৰিমনা বিহে আৰক্ষীয়ে৷বিশেষকৈ হেলমেট অবিহনে বাইক চলোৱা লোকক জৰিমনা বিহাৰ লগতে মাস্ক পৰিধান নকৰা লোকক মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷ ইফালে হেলমেট পৰিধান নকৰা লোকৰ পৰা জৰিমনা হিচাবত এদিনতে মঙলদৈ আৰক্ষীয়ে সংগ্ৰহ কৰিছে প্ৰায় 40 হাজাৰৰো অধিক টকা ৷ আনহাতে মঙলদৈ আৰক্ষীৰ এই অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই ৷
লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীৰ অভিযান - জৰিমনা
লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীৰ অভিযান ৷ এদিনতে মঙলদৈ আৰক্ষীয়ে সংগ্ৰহ কৰিছে প্ৰায় 40 হাজাৰৰো অধিক টকা ৷
লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে মঙলদৈ আৰক্ষীৰ অভিযান
Last Updated : May 17, 2020, 12:47 PM IST