অসম

assam

ETV Bharat / state

মঙলদৈৰ নৱ নিৰ্বাচিত বিধায়ক বসন্ত দাসৰ সমষ্টি পৰিদৰ্শন - মঙলদৈৰ বিধায়ক বসন্ত দাস

মঙলবাৰে মঙলদৈ সমষ্টিৰ কাম-কাজ আৰু বৰ্তমানৰ পৰিস্থিতিৰ বুজ লয় নৱ নিৰ্বাচিত বিধায়ক বসন্ত দাসে ৷ পূৰ্বৰ অভিজ্ঞতাৰে সমষ্টিটোত উন্নয়নমূলক কাম কৰিব বুলি জানিবলৈ দিয়ে বসন্ত দাসে ৷

mla basanta das
বিধায়ক বসন্ত দাস

By

Published : May 5, 2021, 8:40 AM IST

Updated : May 5, 2021, 11:01 AM IST

দৰং, 5 মে’: মঙলদৈ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক বসন্ত দাসে মঙলবাৰে পৰ্যবেক্ষণ কৰে সমষ্টিটোৰ বৰ্তমানৰ পৰিস্থিতি পৰিদৰ্শন ৷ মঙলদৈ অসামৰিক চিকিৎসালয়, পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগীয় কাম-কাজ পৰ্যবেক্ষণ কৰে বিধায়কগৰাকীয়ে ।

বিধায়ক বসন্ত দাস

ক’ভিড ৰোগীসকলক সহায় কৰাটোৱেই প্ৰথম কাম হিচাপে লোৱাৰ কথা উল্লেখ কৰে বসন্ত দাসে ৷ লগতে তেওঁ চিকিৎসালখনত নিৰ্মীয়মান অৱস্থাত থকা আইচিইউৰ কামৰো বুজ লয় ৷

তেওঁ কয় যে, পূৰ্বৰ অভিজ্ঞতাৰে সমষ্টিটোত উন্নয়নমূলক কাম কৰি যাব ৷ আনহাতে নতুন চৰকাৰৰ মাজত আলোচনা চলি থকা দুজনীয়া মুখ্যমন্ত্ৰীৰ বিষয়েও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় বসন্ত দাসে ৷

লগতে পঢ়ক :বৰপেটাত ১৪০০ জনলৈ ক'ভিড আক্ৰান্তৰ সংখ্যা

Last Updated : May 5, 2021, 11:01 AM IST

ABOUT THE AUTHOR

...view details