অসম

assam

ETV Bharat / state

পেলনীয়া সামগ্ৰীক নতুন মাত্ৰা দিছে মঙলদৈৰ নিলমে - পেলনীয়া সামগ্ৰীৰে হুবহু মটৰ চাইকেল, ট্ৰেক্টৰ তথা আন চাৰিচকীয়া খেলনা সামগ্ৰী সমূহ

পেলনীয়া সামগ্ৰীৰ উপযুক্ত ব্যৱহাৰৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে মঙলদৈৰ নিলমে । ব্যতিক্ৰমী চিন্তাৰে নিলমে পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়ালে কিছুমান সৰু অথচ অসাধাৰণ সামগ্ৰী ৷ পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে হুবহু মটৰ চাইকেল, ট্ৰেক্টৰ তথা আন চাৰিচকীয়া খেলনা সামগ্ৰী ৷ গছৰ শিপাৰেও ইতিমধ্যে ভাস্কৰ্য নিৰ্মাণ কৰিছে উদ্যমী যুৱকগৰাকীয়ে ৷

mangaldoi boy Nilam made new item  from waste material
পেলনীয়া সামগ্ৰীক নতুন মাত্ৰা দিছে মঙলদৈৰ নিলমে

By

Published : Jul 26, 2020, 3:11 PM IST

দৰং,26 জুলাইঃআমি প্ৰায়ে এবাৰ ব্যৱহাৰৰ পাছতে কিছুমান সামগ্ৰী অলাগতিয়াল গণ্য কৰি পেলাই দিও ৷ কিন্তু এবাৰলৈও হয়তো ভাবি নাচাও সেই সামগ্ৰী সমূহ পুনৰ ব্যৱহাৰোপযোগী কৰি তুলিব পাৰি নেকি? পেলনীয়া সামগ্ৰীক এক নতুন মাত্ৰা দি এই কথাকে প্ৰমাণ কৰি দেখুৱাইছে মঙলদৈৰ নিলমে ৷ পেলনীয়া সামগ্ৰীৰ উপযুক্ত ব্যৱহাৰৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে মঙলদৈৰ নিলম জ্যোতি দাস নামৰ এগৰাকী যুৱকে ৷

মঙলদৈৰ ৭ নং ৱাৰ্ড তথা টেঙাবাৰীৰ বাসিন্দা নিলম জ্যোতি দাসে ব্যতিক্ৰমী চিন্তাৰে পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰি উলিয়ালে কিছুমান সৰু অথচ অসাধাৰণ সামগ্ৰী । পেলনীয়া সামগ্ৰীৰে সাজি উলিয়ালে হুবহু মটৰ চাইকেল,ট্ৰেক্টৰ বা আন চাৰিচকীয়া বাহন সদৃশ্য খেলনা । সৰুৰে পৰা কিবা এটা নতুন কাম কৰাৰ হাবিয়াস মনত পুহি ৰখা নিলমে বটলৰ ঢাকনি,কলমৰ ৰিফিল,চিঙা হেডফোন,লাইটৰ তাঁৰ,ডাঠ কাগজ আদিৰ সহায়ত সাজি উলিয়াইছে খেলনা সামগ্ৰীসমূহ ৷

পেলনীয়া সামগ্ৰীক নতুন মাত্ৰা দিছে মঙলদৈৰ নিলমে

ইয়াৰ পূৰ্বেও গছৰ শিপাৰে ভিন্ন ভাস্কৰ্য নিৰ্মাণ কৰিছে উদ্যমী যুৱকগৰাকীয়ে ৷ নিলমৰ ইচ্ছা আগন্তুক দিনত এই সামগ্ৰী সমূহ কেৱল নিজ ঘৰৰ মাজতে আৱদ্ধ নাৰাখি এখন বহল পৰিসৰত উলিয়াই দিয়াৰ । এক ব্যৱসায়িক পৰিসৰ দিয়াৰ হাবিয়াস তেওঁৰ এই সৃষ্টিশীলতাক । ইয়াৰ উপৰি ভৱিষ্যতে খেলনা সামগ্ৰীৰ পৰিৱৰ্তে নিজাবৱীয়া পৰিকল্পনাৰে চলা ফুৰা কৰিব পৰাকৈ বাস্তৱত এখন বাইক নিৰ্মাণৰো হাবিয়াস মনত পুহি ৰাখিছে উদ্যমী যুৱকগৰাকীয়ে ।

লগতে পঢ়কঃতিনিচুকীয়াত মানৱতাক লজ্জানত কৰা ঘটনা

ABOUT THE AUTHOR

...view details