দৰং, 25 জুন : সমগ্ৰ ৰাজ্যত অসম আৰক্ষী(Assam police)ৰ নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ বিৰূদ্ধে তীব্ৰৰ পৰা তীব্ৰতৰ ৰূপত অভিযান অব্যাহত আছে ৷ এনে অপৰাধৰ সৈতে জড়িত সকলৰ বিৰূদ্ধে আৰক্ষীয়ে ঘোষণা কৰা জেহাদৰ পৰিণতি স্বৰূপে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ ইজনৰ পিছত সিজন অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ আন প্ৰান্ত সমূহৰ দৰে দৰং জিলাতো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সমান্তৰালকৈ এইবাৰ আবকাৰী বিভাগে কৰিবলগীয়া দায়িত্বও পালন কৰি চুলাই মদৰ(illegal liquor) ব্যৱসায়ীৰ বিৰূদ্ধে সক্ৰিয় হৈছে দৰং আৰক্ষী ।
উল্লেখ্য যে জিলাখনত আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ লোকে জিলাখনৰ অলিয়ে গলিয়ে চলাই আহিছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ যি চুলাই সেৱন কৰি বহু ব্যক্তিৰ জীৱনলৈ অমানিশা নামি আহিছে সেই চুলাই মদৰ বিক্ৰী তথা সেৱনে জিলাখনত ঋণাত্মক পৰিৱেশৰ সৃষ্টি কৰাত ইয়াৰ বিৰুদ্ধে সষ্টম হৈছে আৰক্ষী ৷ মঙলদৈ সদৰ আৰক্ষীয়ে দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তত্বাৱধানত আৰু মঙলদৈ চহৰৰ আৰক্ষী উপপৰিদৰ্শক ডান্টেজিৎ ডেউৰীৰ নেতৃত্বত অভিযান চলাই মঙলদৈৰ বাঘবৰী, কছাৰীগাঁও, প্ৰফুল্ল নগৰ আদি ঠাইত চুলাই মদৰ কেইবাটাও ঘাটি উৎখাত কৰে ৷