মঙলদৈ, 16 মে’ : শনিবাৰে মঙলদৈ খণ্ড বন সংমণ্ডলে AS01 HC9947 নম্বৰৰ চোৰাং কাঠভৰ্তি এখন ট্ৰাক জব্দ কৰে ৷ উল্লেখ্য যে, ৰঙীয়া বন সংমণ্ডলৰ ডিএফঅ’ দীপক ডেকাৰ খবৰৰ ভিত্তিত মঙলদৈৰ খণ্ড বন বিষয়া খগেন কলিতাৰ নেতৃত্বত এটি দলে দৰং জিলাৰ বৰিগাঁৱৰ এখন লাইন হোটেলৰ সন্মুখৰ পৰা চোৰাং কাঠভৰ্তি এখন 14 চকীয়া ট্ৰাক জব্দ কৰে ৷
মঙলদৈ খণ্ড বন সংমণ্ডলত চোৰাং কাঠৰ ট্ৰাক জব্দ - সাত লক্ষাধিক টকাৰ কাঠ
মঙলদৈ খণ্ড বন সংমণ্ডলত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ ৷ আংশিক লকডাউনৰ মাজতে চোৰাং ব্যৱসায়ী সকলে গঢ়ি তুলিছে ৰমৰমীয়া বেহা ৷
মঙলদৈ খণ্ড বন সংমণ্ডলত চোৰাং কাঠৰ ট্ৰাক জব্দ
মঙলদৈৰ খণ্ড বন বিষয়া খগেন কলিতাই জনোৱা অনুসৰি ট্ৰাকখনত প্ৰায় সাত লক্ষাধিক টকাৰ কাঠ আছিল ৷ ইফালে, ট্ৰাকখনৰ ড্ৰাইভাৰে জনোৱা অনুসৰি ব্যৱসায়ী, জনৈক কাজিৰ নিৰ্দেশত ট্ৰাকখন অৰুনাচলৰ পৰা সৰবৰাহ কৰিছিল ৷ অৱশ্যে, কাঠখিনি ক’ত দিব লাগিব সেই বিষয়ে তেওঁ জ্ঞাত নহয় বুলি সাংবাদিকক অৱগত কৰে ৷
লগতে পঢ়ক :টিংখঙৰ চাহ বাগিচাত বাহিৰা লোকৰ প্ৰৱেশ নিষেধ